মহানগৰীত পুনৰ ট্ৰাক দুৰ্ঘটনা …

Guwahati/ 8th November’2017 (Prag News Desk): মহানগৰীত পুনৰ ট্ৰাক দুৰ্ঘটনা । ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত বাগৰি পৰে এখন চিমেণ্ট কঢ়িওৱা ট্ৰাক । মেঘালয়ৰ পৰা জালুকবাৰী অভিমুখে গৈ থকা অৱস্থাতে  সংঘটিত হয় এই ঘটনা । ৩৭নং ঘাই পথৰ বেহাৰবাৰিত এই দুৰ্ঘটনা সংঘটিত হয় । গাড়ী খনৰ নম্বৰ AS-01-AC-  5655 । এই দুৰ্ঘটনাত কোনো ব্যক্তি হতাহঁত হোৱা নাই ।  পথটোত অধিক যান-যঁতৰ  সৃষ্টি হয় । একাংশৰ অভিযোগ যে অধিক মাত্ৰাত সুৰাপান  কৰি গাড়ী চলোৱাৰ  ফলত এনেকুৱা ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে । ট্ৰাক খনত থকা চিমেণ্ট সমূহ আৰক্ষীৰ নিৰাপত্তাৰ মাজত সুকলমে আন এখন ট্ৰাকত স্থানান্তৰ কৰা হয় ।

Share it on

Leave a Reply