নাৰেংগী-বোন্দা ফৰলেন যুক্ত পথ নিৰ্মাণত ব্যপক অনিয়ম

Guwahati/ 11th November’2017 (Prag News Desk): নাৰেংগী-বোন্দা ফৰলেন যুক্ত পথ নিৰ্মাণত ব্যপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাত অঞ্চলটোৰ ৰাইজে বিষুদগাৰ প্ৰকাশ GBকৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত ৰাইজে স্থানীয় বিধায়ক অতুল বৰাক , চক্ৰ বিষয়াক, গৰকাপ্তানি বিভাগৰ অভিযন্তা আৰু ঠিকাদাৰৰ মাটি আনি ফৰলেন যুক্ত পথটো জোখ মাখ কৰি খেলি মেলি ধৰা পেলাই। জোখ মাখত পথৰ কোনো অংশত বহল ১৮ মিটাৰৰ পৰা ২৬মিটাৰ ফিটাৰে জুখি চক্ৰ বিষয়া আৰু বিধায়কক দেখুৱাই। জোখ মাখ দেখি বিধায়কে ধৰি চক্ৰ বিষয়াই হাতবম্ব হৈ পৰে। বিধায়ক জনে ফৰলেন যুক্ত পথৰ প্ৰাক কলন মতে পথটো  নিৰ্মাণ কৰিবলৈ চক্ৰ বিষয়া আৰু অভিযন্তা জনক নিৰ্দেশ দিয়ে। বিধায়কৰ নিৰ্দেশৰ পিছতেই পূৰ্বতে নিৰ্মান কৰা পথটোতকৈ দুই মিটাৰ বহলাই চিহ্ন দি পথ নিৰ্মান কাৰ্যত নামি পৰে। উল্লেখ্যা যে ২০০৫ চনৰ তথ্য আইনৰ অধীনত নিৰ্মীয়মান পথটোৰ সম্পূৰ্ণ বিৱৰণ ৰাইজৰ ফলকত জ্ঞাতাৰ্থে উল্লেখ কৰিব লাগে। ১৭ কোটি টকীয়া নিৰ্মীয়মান পথটোৰে সকলো বিৱৰণ ফলকত উল্লেখ কৰিছে যদিও পথটোৰ বহল সম্পৰ্কে কোনো কথা উল্লেখ কৰা নাই। ইয়াতে সন্দেহ উপজাত ৰাইজে নিজাববীয়াকৈ জোখ মাখ কৰি বিসংগতি ধৰা পেলাই উত্তেজিত হৈ পৰে। একাংশ গৰকাপ্তানী বিভাগৰ অভিযন্তা, মণ্ডল আৰু ঠিকাদাৰে মাটি মালিকৰ লগত গোপন বুজা বুজি কৰি বিভিন্ন ঠাইত পথৰ বহল বিভিন্ন হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।

Share it on

Leave a Reply