নিৰ্ঘাত জ্বলিব অসম: মাদানি

Guwahati/ 13th November’2017 (Prag News Desk):উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু প্ৰত্যক্ষ হস্তক্ষেপত ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে। এই সময়তে “অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি  NRC উন্নীতকৰণ আৰু নাগৰিকত্বৰ প্ৰশ্ন” শীৰ্ষক এক আলোচনা দিল্লীত অনুষ্ঠিত হৈছে ।। দিল্লী এক্সন কমিটি ফৰ আছাম  নামৰ এটা অনুষ্ঠানে আয়োজন কৰা আলোচনাচক্ৰত বিশিষ্ট বুদ্ধিজীৱী ড: হীৰেণ গোহাঁই, জমিয়ত উলেমা ই হিন্দৰ সৰ্বভাৰতীয় সভাপতি মৌলানা আৰ্ছাদ মাদানি, অধ্যাপক অপূৰ্ব বৰুৱা, অধ্যাপক আব্দুল মান্নান, জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমদ চৌধুৰী, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, মনজিৎ মহন্তই অংশ লয়।

NRC আদি বাসিন্দা তথা পঞ্চায়ত নথিৰ গইনাত বহু সংখ্যালঘু লোক বিশেষকৈ মহিলাই নাগৰিকত্বৰ অধিকাৰ হেৰুৱাৰ এক পৰিৱেশ সৃষ্টি হৈছে বুলি মন্তব্য কৰে জমিয়তৰ মূৰব্বী মৌলনা আৰ্ছাদ মাদানিয়ে । এনে প্ৰেক্ষাপটত অসমত ম্যানমাৰৰ পুনৰাবৃত্তি হোৱাৰ আশংকা প্ৰকাশ কৰিছে জমিয়তৰ মুৰব্বীয়ে।

ষড়যন্ত্ৰকাৰী দল সংগঠনে NRC ৰ বিষয়তো জীয়াই ৰাখি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা কৰিব বিচাৰিছে; এই মন্তব্য জ্যেষ্ঠ সাংবাদিকৰ।

বুদ্ধিজীৱী হীৰেন গোহাঁইয়ে আদি বাসিন্দা তথা পঞ্চায়ত নথিৰ গইনা লৈ সাম্প্ৰদায়িক বিভাজন সূচনা কৰিব বুলি আশংকা কৰে। অৱশ্যে সমন্বয়ক প্ৰতীক হাজেলাই  সঠিক ভাৱে কাম খিনি কৰিলে শুদ্ধ NRC সম্ভৱ।

Content Board: Saraswat Goswami

Share it on

Leave a Reply