ৰাষ্ট্রীয় কবি সন্মিলন…

Guwahati/ 13th November’2017 (Prag News Desk): গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈ থকা উত্তৰ-পূব গ্ৰন্থমেলা প্ৰাংগণত সোমবাৰে ৰাষ্ট্রীয় কবিসংগমৰ উদ্যোগত বহুভাষিক ৰাষ্ট্রীয় কবি সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত ৰাষ্ট্রীয় কবিসংগমৰ ৰাষ্ট্রীয় অধ্যক্ষ জগদীশ সিং মিট্টল, প্ৰান্তীয় অধ্যক্ষ চন্দ্ৰপ্ৰকাশ পোদ্দাৰ, সাহিত্যিক দয়ানন্দ পাঠক প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশিষ্ট সমাসেৱক তথা সাহিত্যিক জি এল আগৰৱালা, সাহিত্যপ্ৰেমী শংকৰলাল গোৱেংকাক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। কে’বাগৰাকীও জ্যেষ্ঠ, কনিষ্ঠ কবিয়ে সন্মিলনত বিভিন্ন ভাষাৰ কবিতা পাঠ কৰে।

Share it on

Leave a Reply