পদ্মাৱতী ছবিখনৰ বাবে অস্বস্তিত পৰিছে অভিনেত্ৰী দীপিকা পাদুকন…

Guwahati/17th November’2017 (Prag News Desk): মুক্তিৰ অপেক্ষাত থকা সঞ্জয়লীলা ভাঞ্চালীৰ পদ্মাৱতী ছবিখনৰ বাবে অস্বস্তিত পৰিছে অভিনেত্ৰী দীপিকা পাদুকন। ইতিমধ্যেই ইতিহাসৰ সত্যৰ অপলাপ হোৱা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে বিগ বাজেটৰ ছবিখনৰ বিৰুদ্ধে। ইয়াৰ মাজতে ছবিখনৰ নায়িকা দীপিকা পাডুকনক সুৰ্পনশাৰ দৰে নাক কাটি দিয়াৰ ভাবুকি দিলে কৰ্মী সেনা নামৰ এটা সংগঠনৰ কৰ্মীয়ে। সংগঠনটোৰ নেতাই ক্ষত্ৰিয় তেজ পাহৰি যোৱা নাই বুলি উল্লেখ কৰি ভাবুকি দিলে যে ৰণবীৰ-দীপিকা অভিনীত পদ্মাৱতী প্ৰদৰ্শিত হ’ব লগা ছবিঘৰসমূহ লণ্ডভণ্ড কৰা হ’ব।

 

Share it on

Leave a Reply