NIOSৰ ডিঃএলঃএডঃ

Guwahati/26th November’2017: শিক্ষাৰ অধিকাৰ আইন’ৰ দোহাই দি ভাৰত চৰকাৰে সমগ্ৰ দেশৰ প্ৰাথমিক পৰ্য্যায়ৰ অপ্ৰশিক্ষনপ্ৰাপ্ত শিক্ষকসকলক ২বছৰৰ ভিতৰত অৰ্থাৎ “২০১৯চনৰ” ভিতৰত প্ৰাথমিক শিক্ষাৰ দুবছৰীয়া ডিপ্লমা লোৱাৰ বাবে বাধ্যতামূলক কৰি দিছে৷ তাৰফলত প্ৰায়বোৰ শিক্ষকৰে আলৈ আথনি হোৱা দেখা গৈছে৷ প্ৰথম কথা হল প্ৰফেছনেল প্ৰশিক্ষনবোৰ এনেকুৱাকৈ মুক্ত আৰু দুৰৱৰ্তী মাধ্যমত দিয়াটো কিমানদূৰ যুক্তিসংগত সেয়া অন্যকথা যদিও সমগ্ৰ দেশতে লাখ লাখ শিক্ষকে শ্ৰেনীকোঠাৰ উপৰিও এছায়নমেন্টৰ কামৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে৷ বিগত এমাহমানৰপৰা চছিয়েল মিডিয়া ফেচবুক ,হোৱাটছএপত আদিত এছায়ন্টমেন্ত কত পাম? কেনেকৈ লিখিম? কি লিখিম? কত জমা দিম আদি বিষয়ত শ শ প্ৰশ্নৰ অৱতাৰনা হৈছে৷ বিশেষকৈ বয়স্ক শিক্ষকসকলে এই বিষয়ত আৰু বেছি নগুৰ নাকতি ভুগিবলগীয়া হৈছে৷ শিক্ষকৰ প্ৰশিক্ষনৰ লগত জড়িত ব্যক্তিসকলৰ মতামতৰপৰা এইটো স্পষ্ট হৈছে যে এছায়নমেন্ট লিখা, TLM বনোৱা আদি কামবোৰ ইমান সহজ নহয় যে সেইবিষয়ৰ অভিজ্ঞ ব্যক্তিৰ সহায় অবিহনে এই কামত সফল হব পাৰিব৷ দেখা গৈছে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ে এই বিষয়ত যিমান সক্ৰিয় ভুমিকা গ্ৰহন কৰিব লাগিছিল সিমান সক্ৰিয় হোৱা দেখা নাই৷
সেয়ে এতিয়া শৈক্ষিক মহলত প্ৰশ্ন উঠিছে যে NIOS ৰ ডিঃএলঃএডঃৰ জৰিয়তে দেশত শিক্ষাৰ গুনগত মানদণ্ড সচাকৈয়ে উন্নয়ন সাধন হবনে আৰু এনেদৰে মুক্ত বিদ্যালয়ত নামভৰ্তি কৰা লাখ লাখ শিক্ষকে সচাকৈয়ে ২০১৯ত ডিঃএলঃএডঃ উত্তীৰ্ন হব পাৰিবনে আজিৰ তাৰিখত এয়া এটা লাখটকীয়া প্ৰশ্ন হৈ পৰিছে৷

 

By: অৰূপ মেধী,ৰঙিয়া,গুৱাহাটী৷

Share it on

Leave a Reply