Skill development program.

Guwahati/ 25th December’2017 (Prag News Desk): আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ কাৰিকৰী প্ৰশিক্ষণৰ বাবে নগাঁৱৰ ৰূপহীহাটত মুকলি হ’ল এটা কেন্দ্ৰ। কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰালয়ৰ অধীনত ৰূপহী কহিনুৰ ক্লাবৰ উদ্যোগত মুকলি কৰা হ’ল এই কেন্দ্ৰটো। এই কেন্দ্ৰটোত ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰ, টেইলৰিং, ইলেকট্ৰনিক আদি প্ৰশিক্ষণ আগবঢ়োৱা হ’ব। এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই। কহিনুৰ ক্লাবৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰে বিধায়কজনে।

Share it on

One comment

Leave a Reply