বাগিচাৰ ধন পুৰষ্কাৰ আঁচনি…

0
115

Guwahati/ 8th January’2018 (Prag News Desk): চাহ শ্ৰমিকৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰা চাহ বাগিচাৰ ধন পুৰষ্কাৰ আঁচনি। বাক্সা জিলাৰ ফাতেমাবাদ চাহ বাগিচাত শুভাৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। ২ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিচুকীয়াত একাউণ্টভুক্ত চাহ শ্ৰমিকৰ বাবে এই আঁচনিখন মুকলি কৰিছিল। একাউণ্ট ভুক্ত চাহ শ্ৰমিকসকলে ১৬ জানুৱাৰীৰ ভিতৰত ২,৫০০ টকা লাভ কৰাৰ উপৰি সেই একাউণ্টটোৰ লেন-দেন চলাই গ’লে অনাগত ৬ মাহত ২,৫০০ টকা লাভ কৰিব। বাগিচাখনৰ প্ৰায় ১,২৩০ গৰাকী চাহ শ্ৰমিকে লাভ কৰে এই আঁচনিৰ ধন।

Share it on

Leave a Reply