Adieu to Moon Moon Roy

Guwahati/ 8th January’2018 (Prag News Desk):অৱশেষত জীৱন যুদ্ধত যুঁজি যুঁজি নিয়তিৰ ওচৰত হাৰ মানিলে মুনমুন দাস ৰয়ে। গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে অসুস্থ মুনমুনে। মুনমুনক সুস্থ কৰি তোলাৰ বাবে স্বামী বাপ্পী কুমাৰ ৰয়ে আপ্ৰান চেষ্টা চলাইছিল যদিও সেয়া সম্ভব নহ’ল। অথলে গ’ল অজস্ৰ লোকৰ প্ৰাৰ্থনা। উল্লেখযোগ্য যে পাটনাৰ চিকিত্সালয়ত ভুল চিকিত্সাৰ বলি হৈছিল মুনমুন দাস ৰয়। হেৰুৱাবলগীয়া হৈছিল এখন ভৰি। ব্যয় বহুল চিকিত্সাৰ বাবে ধন যোগাৰ কৰাৰ বাবে হাহাকাৰ কৰিছিল স্বামী বাপ্পী কুমাৰ ৰয়ে। মুনমুনৰ এই অৱস্থাৰ কথা ‘প্ৰাগ নিউজ’ৰ এক বিশেষ অনুষ্ঠানত সম্প্ৰচাৰ কৰা হৈছিল। ‘প্ৰাগ নিউজ’ৰ অনুষ্ঠানৰ পিছত বহু স-হৃদয়ী লোকে পাৰ্যমানে আগবঢ়াইছিল সহায়ৰ হাত। পুনৰ গুৰুতৰভাৱে অসুস্থ হোৱা মুনমুনৰ চিকিত্সাৰ বাবে সহায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈও পত্ৰ লিখিছিল বাপ্পী ৰয়ে। পিছে মুনমুনত জীয়াই ৰখাৰ সকলো চেষ্টা ব্যৰ্থ হ’ল। স্বামীৰ লগতে এটি কণমানি সন্তানক এই পৃথিৱীত এৰি থৈ গৈছে মুনমুনে।

 

Share it on

Leave a Reply