মৰিগাঁৱত উদণ্ড বাইক চালকক ৰাম পিতন…

0
142

Guwahati/ 12th January’2018 (Prag News Desk):মৰিগাঁৱত উদণ্ড বাইক চালকক ৰাম পিতন। মহিলাৰ চৰত থাউনি হেৰুৱাইছে যুৱকে। চাওক কিদৰে এগৰাকী মহিলাই উদণ্ড বাইক চালকজনক দিছে ধুলাই। একাংশ লোকেও দিছে ৰাম পিতন। চহৰৰ মাজত একা বেকাকৈ বাইক চলাই তাণ্ডৱ সৃষ্টি কৰা এই যুৱকজনক এসেকা  দিলে মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ স্বামী উত্তম চন্দ্ৰ দাস আৰু তেওঁৰ পুত্ৰৰ সৈতে বাইকেৰে আহি থকা অৱস্থাত এই উদণ্ড বাইক চালকজনে পিছফালৰ পৰা পৰিয়ালটিৰ বাইকত খুন্দা মাৰি দিয়ে। ফলত পৰিয়ালটো আঘাতপ্ৰাপ্ত হয় আৰু বাইক চালকজনক একাংশ লোকে উত্তম মাধ্যম শোধায়। বৰ্তমান আৰক্ষীৰ জিম্মাত বাইকচালক।

 

Share it on

Leave a Reply