বিশ্বৰ ৩ শীৰ্ষ জনপ্ৰীয় নেতাৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক স্থান দিয়া হৈছে…

0
81

Guwahati/ 13th January’2018 (Prag News Desk): বিশ্বৰ ৩ শীৰ্ষ জনপ্ৰীয় নেতাৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক স্থান দিয়া হৈছে। আন্তঃৰাষ্ট্রীয় জৰীপ চলো প্ৰখ্যাত সংস্থা ‘গেলআপ’ৰ জৰীপত মোদীৰ জনপ্ৰিয়তা প্ৰকাশ পাইছে। বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতাৰ তালিকাখনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে অতিক্ৰম কৰিছে ভ্লাদিমীৰ পুটিন, জি জিনপিঙ, থেৰেছা মেৰ দৰে প্ৰভাৱশালী নেতা-নেত্ৰী। ‘গেলআপ’ৰ জনপ্ৰিয় নেতাৰ তালিকাত মোদীক অতিক্ৰম কৰিছে জাৰ্মানীৰ প্ৰতিপত্তীশালী নেত্ৰী এঞ্জেলা মাৰ্কেল আৰু ফ্ৰান্সৰ তৰুণ নেতা ইমানুৱেল মেকৰনে। বিশ্বৰ পঞ্চাশখন দেশত চলোৱা হৈছিল এই জৰীপ।

 

Share it on

Leave a Reply