সত্যেন্দ্ৰ নাথ দাস সোঁৱৰনী বাস্কেট বল প্ৰতিযোগিতা…

0
92

Guwahati/ 13th January’2018 (Prag News Desk): গুৱাহাটীত সফলভাৱে সম্পন্ন হ’ল সত্যেন্দ্ৰ নাথ দাস সোঁৱৰনী বাস্কেট বল প্ৰতিযোগিতা। শুকুৰবাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত প্ৰতিযোগিতাখনিৰ সামৰণি পৰে। পুৰুষৰ শাখাত এন এফ ৰে’লৱে দল চেম্পিয়ন হোৱাৰ বিপৰীতে চিৰাং দলটো ৰাণাৰ্ছ আপতে শান্ত থাকে। বিজয়ী আৰু বিজিত প্ৰতিযোগিৰ মাজত ট্ৰফী বিতৰণ কৰে প্ৰাগ নিউজৰ স্বত্বাধিকাৰী তথা পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে। মহিলাৰ শাখাটো এন এফ ৰে’লৱে চেম্পিয়ন হোৱাৰ বিপৰীতে লখিমপুৰ ৰাণাৰ্ছ আপ হয়। পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে চিৰাঙৰ সাহিল শৰ্মাই আৰু মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাৰ বাবে লখিমপুৰৰ নাৰ্গাম ভূটীয়া নিৰ্বাচিত হয়। উল্লেখযোগ্য যে এইবাৰৰ প্ৰতিযোগিতাত ল’ৰাৰ শাখাত মুঠ ১৩টা আৰু মহিলাৰ শাখাত মুঠ ৯টা দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

 

Share it on

Leave a Reply