BONGAIGAON PINK AUTO

0
54

Guwahati/ 17th January’ 2018 (Prag News Desk): বুধবাৰৰ পৰা বঙাইগাঁও চহৰত দেখা পোৱা যাব গুলপীয়া ৰঙৰ অট’ ৰিক্সা। মহিলা যাত্ৰীৰ বাবে সংৰক্ষিত এই ৰিক্সা। চালকো হ’ব মহিলা। গুলপীয়া পোছাক পিন্ধাৰ বাবে চালকক সকলক পিংক ব্ৰিগেড হিচাপে নামাকৰণ কৰা হৈছে। ৰাষ্ট্রীয় নগৰীয়া জীৱিকা অভিযান আঁচনিৰ অধীনত বঙাইগাঁৱৰ ১৩ গৰাকী মহিলাক কাইলৈ দিয়া হ’ব একোখনকৈ অ’ট ৰিক্সা। যোৱাবছৰ আত্ম সহায়ক গোটৰ মহিলা সদস্য এগৰাকীক অট’ চালক এজনে অপহৰণ কৰাৰ ঘটনাৰ পাছতে আঁচনিৰ প্ৰকল্প প্ৰৱন্ধক কুসুম্বৰ চৌধৰীয়ে পিংক অট’ৰ ধাৰণাৰ চিন্তা কৰিছিল।

 

Share it on

Leave a Reply