NOONMATI GOVERNOR …

0
86

Guwahati/ 17th January’ 2018 (Prag News Desk): মঙলবাৰে নুনমাটি ছেক্টৰ থ্ৰীৰ জুবলী হ’লত গুৱাহাটী তেল শোধনাগাৰৰ উদ্যোগত ‘সক্ষম সংৰক্ষণ ক্ষমতা মহোত্সৱ’। ১৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মহোত্সৱৰ কাৰ্যসূচী শুভ উদ্বোধন কৰে অসমৰ মাননীয় ৰাজ্যপাল জগদীশ মুখিয়ে। অনুষ্ঠান শুভ উদ্বোধন কৰি সাম্প্ৰতিক সময়ত পেট্ৰ’লিয়াম জাতীয় তেল আৰু সামগ্ৰী সংৰক্ষণৰ বিষয়ত গুৰুত্বপূৰ্ণ ভাষ্য আগবঢ়ায়। দেশৰ উন্নতিৰ বাবে তৈল জাতীয় সামগ্ৰী সংৰক্ষণত ৰাইজৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। অনুষ্ঠানত উপস্থিত থকা কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু ৰাইজক তেল সংৰক্ষণৰ বাবে শপতবাক্য পাঠ কৰায়। লগতে এই অনুষ্ঠানত গুৱাহাটী শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক যোগেন বৰপূজাৰীয়ে উমানন্দত তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে জিৰণি ঘৰ আৰু ৰাজহুৱা শৌচাগাৰ নিৰ্মাণৰ বাবে জিলা প্ৰশাসনৰ সহকাৰী উপায়ুক্তৰ হাতত ১০ লাখ টকাৰ চে’ক্ প্ৰদান কৰে।

 

Share it on

Leave a Reply