AMITABH SELFIE STD

0
100

Guwahati/ 19th January’ 2018 (Prag News Desk):

এখন ছেলফী তুলিবলৈ উত্ৰাৱল হৈ পৰিল মেগাষ্টাৰ অমিতাভ বচ্চন।

গ্লেমাৰ জগতৰ শীৰ্ষত থকা অমিতাভ সহ বলীউডৰ একাংশ অভিনেতাৰ বাবে মূল আৰ্কষণ আছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যূহু।

বৃহস্পতিবেৰে সন্ধিয়া দিল্লীৰ এক অনু্ষ্ঠানত পত্নীসহ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে ছেলফিত ব্যস্ত হোৱা দেখা গ’ল একাংশ বলীউড ষ্টাৰক।

ছেলফি ফ্ৰেমত অমিতাভ আৰু নেতান্যূহুৰ সৈতে দেখা গ’ল ঐশ্চয্য ৰয় , অভিষেক বচ্চন, কৰন জোহৰ, বিবেক অবেৰয়, ৰণধীৰ কাপুৰ, পৰেশ ৰাৱাল আদি বহুজনক।

২০১৪ চনত অস্কাৰ বিজয়ী অভিনেতা ব্ৰেডলী ক’পাৰৰ বিশ্বখ্যাত ‘ষ্টাৰ ছেলফি’ৰ সৈতে তুলনা কৰা হৈছে অমিতাভৰ এই ছেলফীক।

Share it on

Leave a Reply