কথমপি প্ৰাণ ৰক্ষা মথুৰাৰ বিজেপি সাংসদ হেমা মালিনীৰ

0
202
Hema-Malini

Guwahati/15th May ‘2018 (Prag News Desk) :

উত্তৰ প্ৰদেশৰ মথুৰাত কালি  ধুমুহা আৰু মুষলধাৰ বৰষুণৰ ফলত বাগৰি পৰা গছৰ পৰা কথমপি ৰক্ষা পৰে হেমা মালিনী ।

ধুমুহাৰ সময়ত নিজ সমষ্টিত গাড়ীৰে গৈ থকা অৱস্থাত হেমা মালিনীৰ কনভয়ৰ সন্মুখত উভালি পৰে এডাল প্ৰকাণ্ড গছ ।মথুৰাৰ মিঠাউলি গাৱঁত এখন জনসভাত তেওঁ অংশগ্ৰহনৰ বাবে গৈ থকা অৱস্থাত উক্ত ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

উল্লেখনীয় যে ধুমুহা আৰু বজ্ৰপাতত কালি উত্তৰ প্ৰদেশত অতিকমেও ৪১ গৰাকী লোকৰ মৃত্যু হৈছে |

Share it on

Leave a Reply