যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বৰ্জনৰ আহ্বানত ব্যস্ত লামডিঙৰ একাংশ দুষ্টচক্ৰ

0
188
zubeen

Guwahati / 15th May ‘2018 (Prag News Desk) :

জুবিনৰ সংগীতানুষ্ঠান বৰ্জনৰ আহ্বানত ব্যস্ত লামডিঙৰ  দুষ্টচক্ৰ ।অসমীয়াৰ হিয়াৰ আমঠু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰ্য্যই সমগ্ৰ ৰাজ্যতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

১৯,২০ মে’ত লামডিঙৰ বিবেকানন্দ খেলপথাৰত অনুষ্ঠিত হ’ব লগা ৪৭ সংখ্যক লামডিং সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ আমন্ত্ৰিত শিল্পী আছিল জুবিন গাৰ্গ।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ তীব্ৰ ভাষাৰে বিৰোধিতা কৰি বিধেয়কখন ফালি পেলাব লাগে বুলি ৰাইজক আহ্বান জনোৱাৰ কথাত ক্ষুন্ন হয় লামডিঙৰ একাংশ বাংলাভাষী লোক। তেওঁলোকে লামডিং সাৰ্বজনীন ৰঙালী বিহু সন্মিলন আৰু যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ বিৰুদ্ধে ছছিয়েল মিডিয়া ,ফেচবুক ,হোৱাটছএপৰ জৰিয়তে ব্যাপক অপপ্ৰচাৰ চলায়।

এই সন্দৰ্ভত অসমীয়া ভাষী একাংশ যুৱক-যুৱতীয়ে এই প্ৰচাৰৰ প্ৰতিবাদ কৰে। পৰিপেক্ষিতত লামডিং প্ৰশাসনৰ সহযোগত এক নাগৰিক সভাৰ আহ্বান জনাইছে|

তথাপি লামডিঙত গীত পৰিৱেশন কৰিবই জুবিন গাৰ্গ | মই সকলোৰে মানুহ : জুবিন |

‘বিতৰ্ক হ’লেও মই লামডিঙত গান গামেই’ -শিৱসাগৰত এই মন্তব্য জুবিন গাৰ্গৰ|

 

Share it on

Leave a Reply