কৰ্ণাটকত অাৰম্ভ হৰ্ছ ট্ৰেডিং!

0
136
কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলৰ নাটকীয় পট পৰিৱৰ্তন |

Guwahati / 16th May ‘2018 (Prag News Desk):

কৰ্ণাটকত অাৰম্ভ হৰ্ছ ট্ৰেডিং| চৰকাৰ গঠনৰ বাবে কংগ্ৰেছ বিজেপিৰ তৎপৰতা |
মঙলবাৰে ঘোষিত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলফলত কোনো এটা দলেই চৰকাৰ গঠন কৰিব পৰাকৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰা বাবে ৰাজভৱনলৈ দৌৰা দৌৰি অাৰম্ভ হৈছে কংগ্ৰেছ বিজেপি অাৰু কিংমেকাৰৰ ৰুপত অাৱিৰ্ভাৱ হোৱা জে ডি এচৰ মাজত | সৰ্ববৃহৎ দল হিচাপে অাত্মপ্ৰকাশ কৰা বিজেপি দলে চৰকাৰ গঠন কৰিবলৈ ৰাজ্যপালৰ ওচৰত অাহ্বান জনাইছে | ইপিনে কংগ্ৰেছ দলেও জে ডি এছ ৰ সহযোগত চৰকাৰ গঠন কৰিব পৰাকৈ মেজিক নাম্বাৰ তেওঁলোকৰ লগত অাছে বুলি দাবী কৰাৰ লগতে ৰাজ্যপালক চৰকাৰ গঠনৰ বাবে অাহ্বান জনাইছে |

উল্লেখ্য কালি ঘোষিত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলত মুঠ ২২৪খন অাসনৰ ভিতৰত বিজেপি দলে ১০৪ খন অাসন কংগ্ৰেছে ৭৮ জে ডি এচে ৩৮ অাৰু অন্যান্যই ২খন অাসন লাভ কৰিছে | ভোট গণনা অাৰম্ভণিতে কংগ্ৰেছ বিজেপিৰ মাজত তুমুল প্ৰতিদ্বন্দিতা দেখা গৈছিল যদিও পৰৱৰ্তী সময়ত বিজেপি দলে মেজিক নম্বৰ অতিক্ৰম কৰা দেখি চৰকাৰ গঠন।হোৱাটো নিশ্চিত বুলি ধাৰণা কৰা হৈছিল যদিও বিয়লিৰ ভাগলৈ বিজেপিৰ অংকত সকলো ওলট পালট হৈ পৰে |

কৰ্ণাটকত অাৰম্ভ হৰ্ছ ট্ৰেডিং| চৰকাৰ গঠনৰ বাবে কংগ্ৰেছ বিজেপিৰ তৎপৰতা

ইপিনে শেহতীয়াকৈ পোৱা বাতৰিমতে বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী য়েডিয়ুৰাপ্পাই বৃহস্পতিবাৰে চৰকাৰ গঠনৰ বাবে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব বুলি দাবী কৰিছে | অানফালেদি জে ডিএচৰ নেতা কুমাৰাস্বামীয়ে বিজেপিৰ বিৰুদ্ধে ১০০-২০০ কোটি টকাৰে বিধায়ক কিনা বেচাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে | তেওঁ অানকি জে ডি এচ-কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব পৰাকৈ সংখ্যা থকাৰ পিছতো ৰাজ্যপালে পক্ষপাতমূলক অাচৰণ কৰাৰো অান এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে | দেশজুৰি বৰ্তি থকা মোদী মেজিকৰ প্ৰসংগ উত্থাপন কৰি কুমাৰাস্বামীয়ে কয় যে কৰ্ণাটকত কোনো মোদী লহৰ নাই বিজেপিয়ে অশ্বমেধৰ ঘোঁৰা উত্তৰ ভাৰতৰ পৰা অাৰম্ভ হৈছিল কিন্ত দক্ষিণৰ কৰ্ণাটকত অামি সেয়া ৰুদ্ধ কৰি দিলো | মুঠৰ ওপৰত কৰ্ণাটকত চৰকাৰ গঠনৰ বাবে বল এতিয়া সম্পূৰ্ণ ৰাজ্যপালৰ ক’ৰ্টত | ৰাজ্যপালে যি সিদ্বান্ত লয় তাৰ ওপৰত কৰ্ণাটকৰ পৰৱৰ্তী চৰকাৰ কাৰ হয় সেয়া নিৰ্ণয় হ’ব |

Share it on

Leave a Reply