প্ৰাগ নিউজৰ ষ্টিং অপাৰেচন : মহানগৰীৰ বহু অভিজাত হোটেলৰ লোভনীয় খাদ্যৰ অাঁৰৰ দৃশ্য

0
71
Guwahati sweets hygiene problem
The picture shown here are real sting operation photos

Guwahati / 16th May’ 2018 (Prag News Desk) :

অজিজাত হোটেলৰ লোভনীয় খাদ্য ।দেখিলেই আপোনাৰো জিভাৰ পানী পৰিব । কিন্তু এই লোভনীয় মিঠাই, বেকাৰীৰ অাঁৰৰ কাহিনী মন কৰিলে আপুনিও ভয় খাব ।

Guwahati sweets hygiene problem
The picture shown here are real sting operation photos

জনসজাগতা বৃদ্ধিৰ বাবে প্ৰাগৰ এক বিশেষ প্ৰতিবেদন । ভঙাগড় আৰু ভেটাপাৰাৰ বেকাৰী  ফেক্টৰীৰ ওপৰত চলাৱা এই অভিযানত উদ্ধাৰ হৈছে বহু বিস্ফোৰক তথ্য । এই ফেক্টৰীৰ পৰাই বেকাৰী ,মিঠাই আদি পঠিওৱা হয় বহু নামী দামী হোটেললৈ | প্ৰাগৰ সংবাদদাতাই যোগোতোৱা এই বিশেষ ফটো সমূহলৈ লক্ষ্য কৰক | আপুনিও ভয় খাব |

guwahati sweets hygiene problems
The picture shown here are real sting operation photos

মহানগৰীৰ চাৰিওফালে থকা বহু ত আপুনিও সুস্বাদু মিঠাইৰ নামত খাই আছে বৰবিহ ।মিঠাইৰ লগত মিহলোৱা হয় বৰবিহ । পুষ্টিকৰ গাখীৰৰ নামত কি খাইছে আপুনি ।বহুদিনৰ পুৰণি গাখীৰ |

guwahati sweets hygiene test
The picture shown here are real sting operation photos

গেলা কণীৰে বনোৱা হয় কেক ।অস্বাস্থ্যকৰ পৰিৱেশত বনোৱা হয় অভিজাত্য হোটেলৰ লোভনীয় মিঠাই ।ম’হ মাখিয়ে বিচৰণ কৰি ফুৰা কদৰ্য পৰিৱেশত লেতেৰা পানী ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয় সকলো খাদ্য ।

Guwahati sweets hygiene test 3
The picture shown here are real sting operation photos

কোনো পৰিস্কাৰ পোচাক পৰিধান নকৰাকৈ লেতেৰা পোচাকেৰে ঘাঁমত জুৰুলি জুপুৰি হৈ মিঠাই তৈয়াৰ কৰে একাংশ কৰ্মচাৰীয়ে ।

Guwahati sweets hygiene test 2
The picture shown here are real sting operation photos

এই অখাদ্য গ্ৰহণৰ পাছত আপোনাৰো হ’ব পাৰে স্বাস্থ্যৰ ক্ষতি ।জনসজাগতাৰ বাবে কৰা প্ৰাগৰ এই অভিযানত পোহৰলৈ আহিছে মহানগৰীৰ বহু নামী দামী হোটেলৰ লোভনীয় খাদ্যৰ প্ৰকৃত ছবি ।গতিকে আপুনিও সজাগ হওঁক লগতে আনকো সজাগ কৰাওক ।

Share it on

Leave a Reply