উদিত সূৰুজ পৰাগ কুমাৰ দাসৰ সোঁৱৰণত : অাকৌ প্ৰভাত হ’ব ….

0
161
parag kumar das

Guwahati / 17th May ‘2018 (Prag News Desk) :

অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা , জাতীয় ছহিদ পৰাগ কুমাৰ দাস | তেখেতৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ কাৰনে বৃহত ক্ষতি ।তেখেতৰ হত্যাকাৰীয়ে যে কেতিয়াবালৈ শাস্তি পাব সেয়া সুদূৰ পৰাহত । কিন্তু আৰু যেন কোনো পৰাগ দাসৰ হত্যা নহয় তাৰবাবে অসমবাসী চকু কান মেলি ৰখা প্ৰয়োজন | আজি পৰাগ কুমাৰ দাসৰ ২১ তম মৃত্যুবাৰ্ষিকী |

পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত ছিলঙত৷ গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলৰ পৰা  ক্ৰমে প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰে৷ ১৯৭৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দাসে অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰে৷ তেওঁ কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰাক্-বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান অৰ্জন কৰে৷ দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰপৰা অৰ্থনীতি বিভাগত সন্মান সহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী উপাধি লয় আৰু দিল্লীৰ স্কুল অৱ ইকন্‌মিকছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷

তেওঁ মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ মাছৰ প্ৰতিষ্ঠাপক আছিল |

আশীৰ দশকত অসমীয়া আলোচনী প্ৰান্তিক আৰু দি ছেণ্টিনেল ইংৰাজী কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে পৰাগ কুমাৰ দাসে সাংবাদিক জীৱন আৰম্ভ কৰিছিল। ১৯৮৯ চনৰ মাৰ্চ মাহৰ প্ৰস্তাৱনা সংখ্যাৰ পৰা সাপ্তাহিক বুধবাৰ কাকতৰ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰে। ১৯৯৪ চনৰ পৰা আগান আলোচনীৰ প্ৰকাশক আৰু সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পাছতে দাসে অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ৰূপে দায়িত্ব গ্ৰহণ কৰে। মৃত্যুৰ সময়লৈ তেখেত প্ৰতিদিনৰ সম্পাদক হিচাপে কৰ্মৰত আছিল।

১৯৯৬ চনৰ ১৭ মে’ তাৰিখে নিজৰ পুত্ৰক গুৱাহাটী চান্দমাৰিৰ অসম জাতীয় বিদ্যালয়ৰ পৰা আনি থকা সময়ত পৰাগ কুমাৰ দাসক গুলীয়াই হত্যা কৰা হয় |  গনতান্ত্ৰিক সংগ্ৰামৰ বিপৰ্যয় কালত পৰাগ দাসৰ দৰে নিৰ্ভিক আপোচবিৰোধী প্ৰতিভাবান ব্যক্তি আলফাৰ সংগ্ৰামত জড়িত হব বুলি ভবা শংকাই পৰাগ দাসৰ হত্যাৰ ঘাই কাৰন বুলি বহুতেই কয় । 

পৰাগ দাসৰ কৰ্মৰাজিৰ সঠিক মূল্যায়ন কৰাটো অসমৰ জাতীয় সমাজখনৰ বাবে অতিকৈ প্ৰয়োজনীয় ।

আজি সাংবাদিকগৰাকীৰ হত্যাৰ ২১ সংখ্যক বৰ্ষপূৰ্তিত  গভীৰ শ্ৰদ্ধাঞ্জলী |

Share it on

Leave a Reply