কৰ্ণাটকৰ ৰাজনৈতিক প্ৰেক্ষাপটত নাটকীয় পৰিৱৰ্তন

0
177

Guwahati / 17th May ‘2018 (Prag News Desk) :

অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি দলে ৷ কালি ঘোষিত নিৰ্বাচনী ফলাফলত একক বৃহৎ দল হিচাপে জয়ী হোৱা বিজেপি দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে ৰাজ্যপালে ৷ প্ৰাক্তন এটৰ্ণি জেনেৰেল মুকুল ৰহটেগীৰ সৈতে হোৱা বৈঠকৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যপাল ভালোভাই ভালাই ৷ সেইমৰ্মে আজি পুৱা ৯ বজাত নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে বি এছ য়েডিয়ুৰাপ্পাই ৷

লগতে বিজেপিক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ১৫ দিনৰ সময় দিয়ে ৰাজ্যপাল গৰাকীয়ে ৷ ১৫ দিনৰ পিছত অনুষ্ঠিত হ’ব আস্থা ভোট ৷ উল্লেখ্য যে, কালি ঘোষিত ফলাফলত বিজেপিয়ে লাভ কৰিছিল ১০৪ খন আসন ৷ ইয়াৰ বিপৰীতে JD(S) আৰু কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিছিল ১১৭খন আসন ৷ যাৰ ফলত কৰ্ণাটকত পৰৱৰ্তী চৰকাৰ গঠনক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

কৰ্ণাটকত বিজেপিক চৰকাৰ গঠন কৰিবলৈ মাথো ৮গৰাকী বিধায়কৰ প্ৰয়োজন আছিল৷ আশংকা কৰা মতে বিজেপিয়ে বিৰোধী কংগ্ৰেছ আৰু জেডিএছৰ বিধায়কক কিনি হলেও চৰকাৰ গঠন কৰিব৷ এই কথাৰ জল্পনা-কল্পনা চলি থকাৰ মাজতে বিধায়কক এশ কোটি পৰ্যন্ত টকা দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷

গুৰুতৰ অভিযোগ উত্থাপন কৰিছে  কৰ্ণাটকৰ ৰাজপাট ভঙা-গঢ়াৰ হৰ্তা-কৰ্তাস্বৰূপ হৈ পৰা জনতা দল (চেকিউলাৰ)ৰ অধ্যক্ষ এইচ ডি কুমাৰস্বামীয়ে। জেডিএছৰ বেনাৰত জয়লাভ কৰা বিধায়কক কেন্দ্ৰীয় শাসনাধিস্থ বিজেপি দলটোৱে টকাৰে গেৰুৱাকৰণ কৰোৱাৰ চেষ্টা চলোৱা বুলি কুমাৰস্বামীৰ অভিযোগ উত্থাপন কৰাৰ পিছতে পোহৰলৈ আহিছে আন এক খবৰ |

সদনত সংখ্যাগৰিষ্ঠতাক লৈ নিশ্চিত বুলি ঘোষণা কৰা কংগ্ৰেছ-জেডিএছৰ পৰিকল্পনাত আউল লগাবৰ বাবে বিজেপি দলে কূটনীতি কৰা বুলি গেৰুৱা দলটোক তীব্ৰ সমালোচনা কৰি অহাৰ মাজতে কৰ্ণাটকৰ ৰাজনৈতিক প্ৰেক্ষাপটত দেখা গৈছে নাটকীয় পৰিৱৰ্তন।

ৰাজ্যখনৰ কংগ্ৰেছ আৰু জেডিএছৰ ৫জন নৱনিৰ্বাচিত বিধায়ক কংগ্ৰেছৰ বুধবাৰৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত নথকাত কেউজন বিজেপিগামী হোৱা বুলি প্ৰচাৰ চলিছে। অৱশ্যে এই খবৰ কংগ্ৰেছ আৰু জেডিএছ দুয়োটা দলেই নস্যাৎ কৰিছে  |

 

 

 

Share it on

Leave a Reply