নেপাল : দক্ষিণ-পূৱ এছিয়াৰ সবাতোকৈ প্ৰদূষিত দেশ

0
165
environment-protection-council

Guwahati :  নেপাল : দক্ষিণ-পূৱ এছিয়াৰ সবাতোকৈ প্ৰদূষিত দেশ |
বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা শেহতীয়া এক পৰিসংখ্যাত নেপাল অাৰু ভাৰতবৰ্ষ দক্ষিণ এছিয়াৰ ১১ খন দেশৰ ভিতৰত সবাতোকৈ প্ৰদূষিত হিচাপে দেশ হিচাপে চিহ্নিত হৈছে |

বৃহস্পতিবাৰে প্ৰকাশ পোৱা তথ্যত ২০১৬ চনৰ তুলনাত নেপালৰ বায়ু প্ৰদূষণৰ মাত্ৰা গড়ে ৯৯.৫ মাইক্ৰ’গ্ৰাম বৃদ্ধি পাইছে | উল্লেখ্য প্ৰতি বৰ্গমিটাৰত ২.৫ মাইক্ৰ’মিটাৰক ভিত্তি কৰি এই প্ৰদূষণৰ মাত্ৰা নিৰ্ধাৰণ কৰা হৈছে |

ইপিনে চাৰ্কৰ অান এখন ৰাষ্ট্ৰ বাংলাদেশে প্ৰদূষণৰ ক্ষেত্ৰত স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত তৃতীয় স্থান দখল কৰিছে | প্ৰতিবেদনত প্ৰকাশ পোৱা অান এক তথ্যমতে নেপাল অাৰু উত্তৰ কোৰিয়াত প্ৰদূষণৰ দ্বাৰা মৃত্যুৰ হাৰ চাৰ্কৰ অান ১১ খন ৰাষ্ট্ৰৰ তুলনাত বেছি |

Share it on

Leave a Reply