উত্তৰ–পূবৰ বাবে আজি ঐতিহাসিক দিন : মন্তব্য নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ।

0
149
himanta biswa

Guwahati : গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে নেডাৰ তৃতীয়খন বৈঠক। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু আজি একেখন মঞ্চত। উত্তৰ–পূবৰ বাবে আজি ঐতিহাসিক দিন। একেখন মঞ্চত উপস্থিত আছে ৬জনকৈ মুখ্যমন্ত্ৰী। নেডাৰ তৃতীয়খন বৈঠকত এই মন্তব্য নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ।

২০১৭ৰ ৩ ছেপ্টেম্বত অনুষ্ঠিত হোৱা নেডাৰ দ্বিতীয়খন বৈঠকত লোৱা সংকল্প অনুযায়ী গুৱাহাটীত স্থাপন কৰা হ’ব নেডাৰ মুখ্য কাৰ্যালয়। নেডাৰ বৈঠকত এই ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ।

প্ৰতিখন ৰাজ্যৰ সমস্যা বেলেগ বেলেগ, একেখন মঞ্চতে নেডাই সমাধান কৰিব উত্তৰ–পূবৰ সমস্যা। নেডাৰ বৈঠকত এই মন্তব্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ। নাগালেণ্ডৰ ৰাজনীতি আনতকৈ বেলেগ | কোনো ৰাজ্যৰ ক্ষতি নকৰোঁ আমি, কোনো ব্যক্তিৰ ক্ষতিও নিবিচাৰোঁ, আমাক লাগে শান্তি আৰু উন্নতিৰ এখন নগাভূমি। নেডাৰ বৈঠকত এই মন্তব্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ সন্মুখতে  হুংকাৰ অগপ সভাপতি অতুল বৰাৰ – বাতিল কৰিবই লাগিব নাগৰিকত্ব সংশোধনী বিধেয়ক | গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নেডাৰ বৈঠকত অসমৰ বাবে সাংবিধানিক ৰক্ষাকবচ দাবী কৰি অগপ সভাপতিজনে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখনে ভাবুকি আনিছে অসম চুক্তিলৈ।

 

Share it on

Leave a Reply