জুবিন গাৰ্গক সমৰ্থন জনালে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই

0
180
zubeen papon

Guwahati : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধাচৰণ কৰি যাব জুবিনে |

‘মই ৰাজনৈতিক নেতা নহয়’ ,‘সংকটৰ অৱস্থাত মৰালৈকে মাত মাতি যাম, প্ৰতিবাদ কৰি যাম’ |

জুবিন গাৰ্গক সমৰ্থন জনালে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জুবিনক সমৰ্থন জনাই পাপনে ক’লে স্বাধীনতা থাকিব লাগে শিল্পীৰ। বিজেপি বিধায়ক শিলাদিত্য দেৱে জুবিন গাৰ্গক উপদেশ দিয়া সন্দৰ্ভত এই মন্তব্য অংগৰাগ পাপন মহন্তৰ। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা জুবিন গাৰ্গক বিহু মঞ্চত ৰাজনীতি নকৰিবলৈ উপদেশ দিছিল শিলাদিত্য দেৱে। ইয়াৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ তীব্ৰ ভাষাৰে বিৰোধিতা কৰি বিধেয়কখন ফালি পেলাব লাগে বুলি ৰাইজক আহ্বান জনোৱাৰ কথাত ক্ষুন্ন হৈ লামডিঙত জুবিনৰ অনুষ্ঠান নিষিদ্ধ কৰিছিল এটা দুষ্ট চক্ৰই |বিতৰ্কৰ ধুমুহাৰ শেষত লামডিঙত আজি জুবিনৰ সংগীতানুষ্ঠান | তত্পৰ জিলা তথা আৰক্ষী প্ৰশাসন | কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে |

আগন্তুক বৰ্ষত জুবিনে বিহু মঞ্চত গান নাগায় | ‘জুলু’ চিনেমাৰ বাবে ৬ মাহ জংঘলত থাকিব জুবিন |-নগাঁও বসন্ত উত্সৱত মন্তব্য জুবিনৰ |

Share it on

Leave a Reply