ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান।

0
186
kungfu

Guwhati : ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম সন্তান।

চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত ৫টা সোণ আৰু ১টা ৰূপৰ পদক অৰ্জন কৰিলে অসমৰ ৬গৰাকী খেলুৱৈয়ে |তেওঁলোক ক্ৰমে অসমৰ হাছিনা বেগম, আন্দ্ৰিয় মহন্ত , শুভাসনা শৰ্মা, ৰঞ্জনা ৰজক, দূত্যনা বাৎস’ আৰু আয়ান তেৰাঙ । আনহাতে হাছিনা বেগম, আন্দ্ৰিয় মহন্ত আৰু শুভাসনা শৰ্মা নিৰ্বাচিত হৈছে ৫ জুনৰ পৰা নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হ’বলগীয়া দক্ষিণ এছিয়া কুংফু প্ৰতিযোগিতালৈ।

অসমৰ আন দুগৰাকী খেলুৱৈ জাৰ্নেলিম কলিতা আৰু মনিকা গগৈও নিৰ্বাচিত হৈছে প্ৰতিযোগিতাখনলৈ।

Share it on

Leave a Reply