অসমত বঙালী-অসমীয়াৰ কোনো সংঘাট নাই : লামডিঙত জুবিনৰ মন্তব্য

0
178
zubeen

Guwahati : লামডিঙত জুবিনৰ সংগীতানুষ্ঠান | গীতৰ মাজে মাজে কৈ গ’ল বহু কথাই | লামডিঙত শৈশৱৰ কথা সোঁৱৰিলে জুবিনে |

মই লামডিং ভাল পাও।’– লামডিঙৰ সংগীতানুষ্ঠানত জুবিন গাৰ্গৰ মন্তব্য। ‘মই শৈশৱত লামডিঙত আছিলোঁ, মোৰ দেউতা এজন দণ্ডাধীশ আছিল আৰু মই ৮ বছৰ আছিলো লামডিঙত, লামডিঙৰ অধিকাংশ লোক বাঙালী, ময়ো আধা বাঙালী, কিছুমান মানুহে মোৰ অনুষ্ঠানক লৈ উত্পাত কৰিছিল, ইয়াক লৈ মই হাঁহি দিও NOTHING, অসমত হিন্দু আৰু বাঙালীক লৈ কাজিয়া নহয় বুলিও মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

অসমত বঙালী-অসমীয়াৰ কোনো সংঘাট নাই | ‘মই থকালৈকে তেনে সংঘাট হ’ব নোৱাৰে’ , ‘আমি একেলগে থাকিম একেলগে গাম’ , ‘মোক বেলেগ বুলি ক’লে খং উঠে’ | লামডিঙত চিনেমা হল খোলাৰ আহ্বান জুবিনৰ | ‘মই লামডিঙত ফুটবল খেলিবলৈ আহিম’ , ‘ভাল দলৰ বিৰুদ্ধে খেলিম’ | ‘আগন্তুক বিশ্বকাপৰ ৩খন খেল মই চাবলৈ যাম’|  ‘মোৰ ছাৰ্টত লিখাই থাকিব ইণ্ডিয়া আৰু জয় আই অসম’ | ‘অহা বৰ্ষত মই বিহু নকৰো, চিনেমা কৰিম’ | ‘নতুন প্ৰজেক্ট জুলুৰ লগত ব্যস্ত থাকিম মই’ |

জুবিনৰ সংগীতানুষ্ঠানে আপ্লুত কৰিলে লামডিংবাসীক |

 

Share it on

Leave a Reply