গুৱাহাটী, যোৰহাট আৰু ডিফুত স্থাপন কৰা হ’ব কেন্সাৰ হাস্পতাল

0
164
himanta biswa sarma

Guwahati : জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল |

‘গুৱাহাটী, যোৰহাট আৰু ডিফুত স্থাপন কৰা হ’ব কেন্সাৰ হাস্পতাল, টাটা ট্ৰাষ্ট-চৰকাৰৰ উদ্যোগত নতুন কোম্পানী আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন, কোম্পানীটোৰ অধীনত হ’ব ১৯খন কেন্সাৰ হাস্পতাল, গুৱাহাটীৰ পৰাই ভূমিপূজন কৰা হ’ব হাস্পতালকেইখনৰ, ১৭ জুনৰ পৰা আৰম্ভ হ’ব হাস্পতাল নিৰ্মাণৰ কাম, অটল অমৃত অভিযানৰ অধীনত এমাহত ১১২০ গৰাকী ৰোগী উপকৃত হৈছে, ৩ কোটি ৪০ লাখ ৩৬ হাজাৰ টকা খৰচ অটল অমৃত অভিযানযোগে।’– জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত ঘোষণা হিমন্ত বিশ্বৰ।

‘আঞ্চলিক ডেণ্টেল কলেজ আমাৰ বৰ্তমান এখন আছে, ইয়াৰ পিছত আমি প্ৰতিশ্ৰুতি দিম বুলি কৈছিলোঁ আৰু বাজেটত ধন ধৰা হৈছিল, এখন ডিব্ৰুগড় আৰু এখন শিলচৰত দিয়া কথা আছিল, ১৪মে’ত ডেণ্টেল কাউঞ্চিল অব ইণ্ডিয়াই অনুমোদন জনালে।’– মন্তব্য হিমন্ত বিশ্বৰ।

‘এতিয়াৰে পৰা চৰকাৰী চাকৰি আৱেদনকাৰীৰ বয়সৰ ঊৰ্ধ্বসীমা হ’ব ৪৪ বছৰ, পূৰ্বে ৩৮ বছৰ লৈকেহে পাৰিছিল, বিনামূল্য হ’ব চতুৰ্থ-তৃতীয় বৰ্গ চাকৰিৰ বাবে মাচুল, জেনেৰেলৰ বাবে ২৫০টকা আৰু ST, OBC ৰ বাবে ১৫০টকা হ’ব মাচুল, ঠিকাভিত্তিক চাকৰিৰ বাবে ১৫,০০০ৰ পৰা ২০হাজাৰলৈ বৃদ্ধি হ’ব দৰমহা।’– সংবাদমেলত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

 

Share it on

Leave a Reply