শিলাদিত্য পৰিল বিপাঙত !!!!!”প্ৰাগ নিউজ”ৰ কাৰ্য্যালয়ৰ বাহিৰত শিলাদিত্য বিৰোধী উত্তাল প্ৰতিবাদ

0
184
Shiladitya-Dev

Guwahati : শিলাদিত্যই পালে পুনৰ প্ৰত্যুত্তৰ |  “প্ৰাগ নিউজ”ৰ কাৰ্য্যালয়ৰ বাহিৰত  উত্তাল প্ৰতিবাদ কৃষক মুক্তিৰ শতাধিক সদস্যৰ | অসমীয়াৰ জাতীয় স্বাৰ্থত আঘাত কৰা বিতৰ্কৰ মহানায়ক শিলাদিত্যই পালে অন্য এক শিকনি ।

অজিত কুমাৰ ভূঞাৰ অনুষ্ঠান ‘সাক্ষাত্’ত অংশগ্ৰহণ কৰিবলৈ অাহিছিল বিজেপি বিধায়ক শিলাদিত্য দেৱ ,সংঘাত যাৰ বিনোদন |অসমীয়া জাতিৰ আৱেগ , হিয়াৰ আমঠু জুবিন গাৰ্গ , কৃষক নেতা অখিল গগৈ আৰু আজমললৈকে সমালোচনা কৰি সংঘাতৰ সৃষ্টি কৰি ভাল পাই তেওঁ ।  অজিত কুমাৰ ভূঞাৰ প্ৰশ্নত থকা-সৰকা বিধায়ক শিলাদিত্য | চালে-বেৰে কোবোৱা উত্তৰ বিধায়কগৰাকীৰ |এইজন বিধায়কৰ উপস্থিতিক লৈ উত্তপ্ত পৰিৱেশ প্ৰাগ নিউজৰ কাৰ্যালয়ৰ সন্মুখত |

টক শ্ব’ শেষ কৰি বাহিৰলৈ ওলাই অাঁহোতেই গেটৰ বাহিৰত শিলাদিত্য বিৰোধী ধ্বনি কৃষক মুক্তিৰ শতাধিক সদস্যৰ |
মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাঁৰ উপস্থিতিতহে নিয়ন্ত্ৰণলৈ অাহে পৰিস্থিতি |
প্ৰতিবাদৰ বিষয়ে ভূকে নাপালে মহানগৰ অাৰক্ষীয়ে |
শিলাদিত্যৰ প্ৰস্থানৰ পাছতহে ঘটনাস্থলীত উপস্থিত অাৰক্ষী |

Share it on

Leave a Reply