হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ পিছতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সংবাদমেল

0
434
Siddhartha Bhattacharya

Guwahati : হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ পিছতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সংবাদমেল।

সূচাৰুৰূপে ফলাফল ঘোষণাত ছেবাক ধন্যবাদ শিক্ষামন্ত্ৰীৰ |

সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৩ লাখ ৩৭ হাজাৰ পৰীক্ষাৰ্থী। পৰীক্ষাত সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ ৫৬.০৪ শতাংশ।

ইয়াৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৬০,৯৩৮ গৰাকী পৰীক্ষাৰ্থী। ৭৯.৭৬ শতাংশৰে সৰ্বাধিক উত্তীৰ্ণৰ হাৰ ধেমাজি জিলাত আৰু ৩৬.৯৭ শতাংশৰে সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ওদালগুৰি জিলাত।

ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৫৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৩.২৩ শতাংশ। গুৱাহাটী মহানগৰীত উত্তীৰ্ণৰ হাৰ ৬৭.১৫ শতাংশ। ডিষ্টিংছন পোৱা শিক্ষাৰ্থীৰ সংখ্যা ৬,৪৭৭ গৰাকী আৰু ষ্টাৰ মাৰ্ক পোৱা শিক্ষাৰ্থী হ’ল ১৪,০৬৩ গৰাকী

ছ’চিয়েল মিডিয়াত ভাইৰেল ৰিজাল্টক লৈ প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰীৰ |দোষীয়ে শাস্তি পাব : শিক্ষামন্ত্ৰী|

উত্তীৰ্ণ শিক্ষাৰ্থীলৈ শুভেচ্ছা শিক্ষামন্ত্ৰী ভট্টাচাৰ্যৰ

Share it on

Leave a Reply