ৰেৱতী ফুকনৰ সমগ্ৰ বিষয়টোত CBIৰ তদন্ত বিচাৰিছে পুত্ৰই

0
139
Rebati-Phukan

Guwahati : ২২ এপ্ৰিলৰ পৰা নিৰুদ্দিষ্ট হৈ আছে পিচিজিৰ অন্যতম সদস্য তথা ৰাজ্যৰ অন্যতম ফুটবল খেলুৱৈ  ৰেৱতী ফুকন |পুৱা প্ৰাতঃ ভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয় ফুকন |

ৰাজ্যৰ ৰাজধানীৰ পৰা নিৰুদিষ্ট হোৱা এগৰাকী আগশাৰীৰ নাগৰিকৰ সন্ধান উলিয়াবলৈ আজি পৰ্যন্ত সক্ষম হোৱা নাই ৰাজ্যৰ বিয়াগোম চৰকাৰে।

ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰাৰ পিছতো ৰাজ্যৰ বিয়াগোম প্ৰশাসনে জ্যেষ্ঠ নাগৰিকগৰাকীক সম্ভেদ উলিয়াব নোৱাৰাত ৰাজ্যৰ নাগৰিক সকলৰ সুৰক্ষাক লৈ সন্দেহত দিন পাৰ কৰিছে ৰাজ্যবাসীয়ে৷

কিন্তু এজাহাৰ দাখিল কৰাৰ পিছতো তদন্তৰ নামত আৰক্ষী প্ৰশাসনে ভেকোভাওনা কৰি থকা বুলিহে অভিযোগ উত্থাপন হৈছে৷ মহানগৰীৰ বুকুৰ পৰা এগৰাকী লোক নিৰুদ্দেশ হোৱা ঘটনাক গুৰুত্ব সহকাৰে নলৈ তদন্তৰ গতি লেহেমীয়া কৰি থকা বুলি পৰিয়ালৰ লগতে বিভিন্ন জনে আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ তুলিছে৷ কিয়নো ঘটনা সংঘটিত হোৱাৰ এমাহ অতিক্ৰম কৰাৰ পিছতো ৰেৱতী ফুকনৰ নিৰুদ্দেশৰ তদন্তই শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷

উচ্চতম ন্যায়ালয়ত পুত্ৰ কৌশিক ফুকনৰ আৱেদন | পিতৃৰ সন্ধানৰ বাবে চৰকাৰক নিৰ্দেশ দিবলৈ ন্যায়ালয়ক অনুৰোধ | সমগ্ৰ বিষয়টোত CBIৰ তদন্ত বিচাৰিছে পুত্ৰই |

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ল’ব শুনানি |

আনহাতে ব্যৰ্থ প্ৰশাসনে কেনেদৰে ৰাজ্যবাসীক সুৰক্ষা প্ৰদান কৰিব তাকেলৈ সন্দিহান হৈ পৰিছে ৰাজ্যবাসী৷ খোদ মহানগৰীৰ মাজ মজিয়াৰ পৰা এগৰাকী জ্যেষ্ঠ নাগৰিক নিৰুদিষ্ট হোৱাৰ পিছতো আৰক্ষীয়ে সন্ধান উলিয়াবলৈ সক্ষম নহোৱাত নিস্কৰ্ম প্ৰশাসনে ৰাজ্যৰ কোটি কোটি জনতাক হত্যা-ধৰ্ষণ, ধনদাবী আদিৰ পৰা কেনেদৰে সুৰক্ষা প্ৰদান কৰিব বুলি প্ৰশাসনৰ সামৰ্থতাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷

Share it on

Leave a Reply