কাৰ্যকৰী হ’ব অসম চুক্তিৰ ৬নং দফা ! সাংবিধানিক ৰক্ষা কবচৰ বাবে গঠন হ’ব বিশেষ কমিটী…

0
145

Guwahati : কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক সমাপ্ত |

ৰাজ্যৰ সম্ভাব্য আইন শৃংখলা পৰিস্থিতিক লৈ হৈছিল আলোচনা | কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক | বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল |

অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণৰ সন্দৰ্ভতো হৈছিল আলোচনা |

‘কাৰ্যকৰী হ’ব অসম চুক্তিৰ ৬নং দফা, সাংবিধানিক ৰক্ষা কবচৰ বাবে গঠন হ’ব বিশেষ কমিটী, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিব এই কমিটী’ – বৈঠকৰ অন্তত জনালে মুখ্যমন্ত্ৰী সোণোৱালে।

NRCৰ স্বাৰ্থত একেলগে কাম কৰিব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে। কেন্দ্ৰই প্ৰেৰণ কৰিব প্ৰয়োজনীয় নিৰাপত্তা বাহিনী। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈও আলোচনা হয় এই বৈঠকত। অসমৰ ৰাইজৰ মতামতৰ ভিত্তিতহে বিধেয়ক গৃহীত হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ |

Share it on

Leave a Reply