বৰ্তমান পৰিস্থিতিত অসমত আঞ্চলিকতাবাদৰ বিকল্প নাই নেকি ?

0
281
AGP

Guwahati :  অসমীয়া জাতিটোৰ ঐতিহাসিক ঐক্যক ফোঁপোলা হ’বলৈ এৰি দিয়া জানো উচিত হ’ব? নিৰ্লিপ্ত কিয় গুণীজন ………সৰ্বসাধাৰণ ? যি গান শেষ হ’ল সেই গান গাবলৈ ভূপেন দা নাই কিন্তু সেই গানৰ আঁত ধৰি আজিৰ অসমীয়াইও গাব লাগিব সম্প্ৰীতিৰ গীত।

অসম আন্দোলনৰ পিছতেই অসমৰ ৰাজনৈতিক ইতিহাসত সোনালী আখৰৰে লিপিবদ্ধ হৈছিল অ:গ:প ৰ নাম |” কিন্তু  অসম আন্দোলনৰ  মূল উদ্দেশ্য বিদেশী বহিষ্কাৰৰ কথা সম্প্ৰতি কি পৰ্যায়ত সেয়া  দোহাৰা নিষ্প্ৰয়োজন ।assam

বিগত নিৰ্বাচন সমূহত বাৰুকৈয়ে এসেকা পোৱা অগপৰ অভ্যন্তৰৰ নেতৃত্বকেন্দ্রিক বাদ বিবাদ সমূহ বিগত সময়ছোৱাত বৰ দৃষ্টিকটু ভাবে ধৰা পৰিল অসমৰ ৰাইজৰ সন্মুখত ।আশাহত হ’ল আঞ্চলিকতাবাদত বিশ্বাসী সৰল অসমীয়া মানুহখিনি।

ছবছৰীয়া অসম আন্দোলনৰ নেতা, পালিনেতা সকলৰ দ্বাৰা গঠিত হোৱা অগপ দলৰ ওপৰত খিলঞ্জীয়া ৰাইজৰ আশা ভাৰসাও আছিল অকল্পনীয়। মানুহে ভাবিছিল কংগ্ৰেছৰ অপশাসনৰ পিচত অগপৰ শাসনত অসমৰ মানুহৰ সুখৰ দিন আহিব, অবৈধ বিদেশী সকলো বিতাৰিত হ’ব।

অসমৰ নিচিনা এখন সমস্যা জৰ্জৰ প্ৰদেশত এটা শক্তিশালী আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজন সদায় আছে। সৰ্ব ভাৰতীয় দল সমূহৰ কাৰণে এখন প্ৰদেশৰ মৌলিক আৰু সৰ্ব ভাৰতীয় দৃষ্টিভংগীৰে পৃথক সমস্যা কিছুমানৰ সমাধান সূত্ৰ উলিওৱাটো সহজ নহয়।

অসমৰ বহুধা বিভক্ত সমাজ আৰু জাতীয় জীৱনত সৰ্ব ভাৰতীয় ৰাষ্ট্ৰীয় দল সমূহৰ কিছুমান কাৰ্য্যসূচীয়ে বিপদ মাতি আনিব পাৰে। বৰ্তমানৰ পৰিস্থিতিত এটা শক্তিশালী আঞ্চলিক দলহে বৰ্তমান সময়ৰ দাবী। অৱশ্যে ভৱিষ্যতত অগপৰ  হেৰোৱা গৌৰৱ পুনৰুদ্ধাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।indian-flag-nation

অসমত পঞ্চায়ত নিৰ্বাচন অনুস্থিত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ দিছে। ১৫ ছেপ্তেম্বৰৰ ভিতৰত নিৰ্বাচন সম্পূৰ্ণ কৰাৰো নিৰ্দেশ দিছে ন্যায়ালয়খনে। কিন্তু অসমৰ প্ৰায় ৪০০০০ চৰকাৰী কৰ্মচাৰী এন আৰ চিৰ কামত ব্যস্ত থকাৰ অজুহাতেৰে চৰকাৰখনে নিৰ্বাচন অনুস্হিত কৰিব বিচৰা নাই।

দৰাচলতে অগপই এই নিৰ্বাচনত জয়লাভ কৰি বিজেপিৰ ভেটি খহোৱাৰ আশংকাত ভুগিছে দলটো। বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে স্হিতি গ্ৰহণ কৰি অগপই ইয়াৰ হেৰোৱা জনসমৰ্থন লাহে লাহে উদ্ধাৰ কৰিবলৈ লোৱাটোৱে বিজেপিক শলথেকত পেলাইছে।

Share it on

Leave a Reply