সমগ্ৰ অসমবাসী তথা অসমীয়া সংস্কৃতিলৈ এটি সুখবৰ !

0
112
bhupen-hazarika

Guwahati : অসমীয়া মাটিৰ গোন্ধেৰে সুৰ নিগৰোৱা ভূপেন হাজৰিকা ,নামেই যাৰ পৰিচয় । এইজনা শিল্পীৰ জীৱন দৰ্শন ,সাধনা অতুলনীয় |

সংগীত জগতত ড° ভূপেন হাজৰিকাৰ অৰিহণা অপৰিহীম ৷ তেওঁৰ বহুমূলীয়া সৃষ্টিৰাজি অসমবাসীৰ বাবে অমূল্য সম্পদ৷ গীতিকাৰ,সুৰকাৰ,গায়ক,কথাছবি নিৰ্মাতা হিচাপে তেওঁ আছিল এজন অসাধাৰণ ব্যক্তি |

অসমীয়াৰ জাতীয় আৱেগ বিজড়িত এইজন মহান শিল্পীৰ কালজয়ী গীতে আজিও মোহাচন্ন কৰি ৰাখে অনুৰাগীক |

সমগ্ৰ অসমবাসী তথা অসমীয়া সংস্কৃতিলৈ এটি সুখবৰ ।

১৫টা ভাষালৈ অনুদিত হ’ব সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীত |

বেংগলী, পাঞ্জাৱী, নেপালী, বড়ো, কাৰ্বি, ৰাজস্থানী, উড়িয়া, দেউৰী, তিৱা
মণিপুৰী, মিচিং, ৰাভা, চাওতাল, গুজৰাটী, হিন্দী ভাষালৈ অনুবাদ হ’ব গীতসমূহ |

গুৱাহাটী বিশ্ববিদ্যালয়ত সুধাকণ্ঠৰ গীতৰ কৰ্মশালা | বিশেষ অতিথি হিচাপে উপস্থিত পদ্মশ্ৰী লক্ষীনন্দন বৰা ,ডঃ হৰিপ্ৰসাদ শৰ্মা, মনীষা হাজৰিকা |

Share it on

Leave a Reply