অসমীয়াৰ শেষ টোপাল তেজলৈকে শক্তি অটুত ৰখাৰ সময় এয়া ! AASU rallies against citizenship bill

0
219
AASU rallies against citizenship bill

AASU rallies against citizenship bill:  অসম চুক্তিৰ ৫ নম্বৰ দফা মতে ,বিদেশী নাগৰিকসকলৰ চিনাক্তকৰণ কৰি বহিস্কাৰ কৰিবলৈ চুক্তিবদ্ধ হৈছিল ।এনে ক্ষেত্ৰত ভাৰত চৰকাৰে বিধিসন্মত ব্যৱস্থা গ্ৰহন কৰিব বুলিও সম্পূৰ্ণৰূপে দ্বায়বদ্ধ হৈছিল ।

আৰু ৬ নম্বৰ দফা মতে ,অসমীয়া সংস্কৃতি ,ভাষাক ,সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চত কৰাৰ চুক্তি গ্ৰহন কৰিছিল ।

আনহাতে লোকসভাত অনা নাগৰিকত্ব সংশোধনী বিধেয়ক ‘২০১৬ (The Citizenship Amendment Bill 2016) এ আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ কিছু সংখ্যালঘু জাতিৰ অবৈধ অনুপ্ৰবেশকাৰীক ভাৰতীয় নাগৰিকত্ব দিব বিচাৰে । অন্য কথাত ই Citizenship Act of 1955 ক সংশোধন কৰিব ৷

নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হলে এন আৰ চি বা অসম চুক্তিৰ প্ৰাসংগিকতা একেবাৰেই বাতিল হব। অসম চুক্তিত উল্লেখ থকা ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা হিন্দু-মুছলমান যিকোনো লোককে বিদেশী বুলি ধৰা হব।কিন্তু উক্ত আইন খনে বিদেশীৰ ধৰ্মীয় মেৰুকৰণ কৰি ভাৰতবৰ্ষৰ সংবিধানৰ মূল গাঁথনিটোকে যে বাধাগ্ৰস্ত কৰিব সেইটো এশ শতাংশই নিশ্চিত ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি বৰ্তমানেও অস্পষ্ট যদিও বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

বিভিন্ন ঠাইত আছুৰ গণসমাবেশ আৰু বিশেষকৈ ২৯ মে’ ২০১৮ ত গুৱাহাটীৰ অসম ইঞ্জিনীয়াৰিং ইনষ্টিটিউত ৰ ফিল্ডত যি বিশাল অনশন কাৰ্যসূচি সম্পন্ন কৰিলে আছুৰ ওপৰত সৰ্বসাধাৰণ ৰাইজৰ বিশ্বাস ঘূৰি অহাৰ সম্ভাৱনা আহি পৰিছে । বিশেষকৈ যুৱশক্তিৰ ভৱিষ্যত প্ৰতিনিধিত্বতাৰ ক্ষেত্ৰত আশাৰ বাৰ্তা ঘূৰি আহিছে বুলি ক’ব পাৰি ।

অসম চুক্তিৰ প্ৰতিটো দফাৰ সন্মান অক্ষুন্ন থাকক আৰু অসমীয়াৰ জাতি -মাতি-ভেটিৰ অস্তিত্ব সুৰক্ষিত থাকক সেয়ে লৈ অসমীয়াৰ শেষ টোপাল তেজলৈকে সাহস সঞ্জীৱনি হোৱাৰ আশা ঘূৰি আহিছে বুলি অসমবাসী এতিয়া একগোট হোৱাৰ সময় আহি পৰিছে ।

Share it on

Leave a Reply