উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰা সকল ! Congratulations to All .

0
147
hs result

Guwahati : ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । কলা শাখাৰ শীৰ্ষত জিলিকিল নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ সম্প্ৰীতি ৰাজখোৱা। ৪৮৭ নম্বৰেৰে শীৰ্ষস্থান দখল কৰিছে সম্প্ৰীতিয়ে ।

বিজ্ঞান শাখাৰ শীৰ্ষত জিলিকিল হোজাইৰ আজমল কলেজৰ অমৰ সিং থাপা । ৪৮৬ নম্বৰেৰে শীৰ্ষস্থান দখল কৰিছে অমৰ সিং থাপাই ।

আনহাতে, বাণিজ্যৰ শীৰ্ষত নগাঁৱৰ গীতাঞ্জলি জুনিয়ৰ কলেজৰ ৰৌনক লোহিয়া। ৪৭৪ নম্বৰেৰে শীৰ্ষস্থান দখল কৰিছে ৰৌনকে।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ দ্বিতীয় স্থানত উজলিল নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ ত্ৰিদীপ বৰা । ত্ৰিদীপে লাভ কৰিছে মুঠ ৪৮৫ নম্বৰ।

৪৮৪ নম্বৰেৰে তৃতীয় স্থানত বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ভনীতা ৰয়। ৪৮২ নম্বৰেৰে বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ঋতুপৰ্ণ কলিতা।

পঞ্চম স্থানত জিলিকিল যোৰহাটৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ অনিন্দিতা নাথ। অনিন্দিতাই পাইছে মুঠ ৪৮১ নম্বৰ।

ষষ্ঠ স্থানত বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ হিয়াশ্ৰী চৌধুৰী।

সপ্তম স্থানত নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ত্ৰিপৰ্ণা বৰা।

৪৭৮ নম্বৰ লাভ কৰি অষ্টম স্থান অধিকাৰ কৰিছে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ অংকিতা ছেত্ৰীয়ে।

৪৭৭ নম্বৰেৰে নৱম স্থান পাইছে লখিমপুৰৰ লোহিত দিক্ৰং এইচ এছ স্কুলৰ মানস প্ৰতিম শইকীয়া আৰু বিশ্বনাথৰ ডাফনে জুনিয়ৰ কলেজৰ অংকিতা হাজৰিকাই।

দশম স্থান লাভ কৰিছে গোলাঘাট জাতীয় মহাবিদ্যালৰ সঞ্চিতা শইকীয়া, টীয়ক ৰাজাবাৰী উঃ মাঃ বিদ্যালয়ৰ ৰাহুল দাস আৰু চামতা উঃ মাধ বিদ্যালয়ৰ পম্পী বৰ্মনে। তিনিওগৰাকীয়ে লাভ কৰিছে মুঠ ৪৭৬ নম্বৰকৈ।

Share it on

Leave a Reply