জুবিন গাৰ্গলৈ ‘ পেটা’ এৱাৰ্ড ‘ । বলি বিধান বিৰোধিতা কৰি অকল বিতৰ্ক নহয় ,এইবাৰ গ্ৰহণ কৰিব সন্মান !Hero to Animal

0
390
zubeen

Guwahati : জুবিন অকল শিল্পী নহয় ,এক প্ৰতিবাদী সত্বা ।যাৰ কথাত ,সুৰত , সংগীতত আছে জাতীয় আৱেগ ।

কামাখ্যাত বলি দিয়া প্ৰথা বন্ধ কৰিবলৈ আহ্বান জনাই বিপদত পৰিছিল জুবিন | জুবিনৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল  কামাখ্যা ধামত | ক্ষমা নুখুজিলে জুবিনক কামাখ্যা ধামত প্ৰৱেশত নিষিদ্ধও কৰিছিল | ৰাজ্য জুৰি বৃহৎ প্ৰতিক্ৰিয়া হোৱাৰ পাছতেই এইবাৰ আহিল সুখবৰ জুবিনলৈ ।

জুবিন গাৰ্গলৈ ‘ পেটা’ এৱাৰ্ড People for the Ethical Treatment of Animals ঘোষণা |

জীৱ-জন্তু সুৰক্ষাৰ ক্ষেত্ৰত জুবিন গাৰ্গে যি পদক্ষেপ গ্ৰহণ কৰি আহিছে , লগতে শেহতীয়াকৈ কামাখ্য ধামত জীৱ জন্তু বলি বিধানৰ বিৰোধিতা কৰাৰ বাবে জুবিনলৈ  ‘পেটা এৱাৰ্ড ‘ People for the Ethical Treatment of Animals প্ৰদানৰ ঘোষণা কৰিছে । পেটাৰ ‘Hero to Animal’ সন্মান অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ ।

 

 

Share it on

Leave a Reply