হিমন্ত বিশ্ব শৰ্মা অৱতাৰী পুৰুষ , তেওঁ সকলো কথাই জানে, আমি একো নাজানো : ড০ হীৰেণ গোহাঁই

0
191
hiren gohain vs himanta

Guwahati : শেহতীয়াকৈ ৰাজ্যৰ বিজেপি চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা আন এক বিতৰ্কিত মন্তব্যত ৰাজ্যৰ ৰাজনৈতিক মহলৰ লগতে অসমৰ দল-সংগঠন জাঙুৰ খাই উঠিছে।

বুধবাৰে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত উপস্থিত থাকি শংকৰদেৱ আৰু মাধৱদেৱক লৈ মন্তব্য প্ৰদান কৰিছিল বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে হিন্দুত্ববাদৰ বিষয়ে ক’বলৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ ইতিহাস সাঙুৰি পেলাইছিল মন্ত্ৰীগৰাকীয়ে৷

বুধবাৰে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ  অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ মুকলিকৈ নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন আগবঢ়ায়৷ কথা প্ৰসংগত অসমৰ হিন্দুত্ববাদৰ কথা উনুকিয়াই মন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়া মানেই হিন্দু বুলি মন্তব্য কৰে৷

আনহাতে, মন্ত্ৰীগৰাকীয়ে হিন্দুত্বৰ সৈতে লেনিয়াই পেলালে জগত গুৰু শংকৰদেৱ আৰু মাধৱদেৱকো৷ অসমত হিন্দুৰ প্ৰতিষ্ঠা আৰএছএছএ নহয়, শংকৰ-মাধৱে কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে মহাপুৰুষ দুজনাৰ আদৰ্শ বিকৃত কৰাৰ প্ৰয়াস কৰা দেখা যায়৷ মহাপুৰুষ দুজনাই নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ মাজেৰে অসমত হিন্দুত্ববাদৰ প্ৰচাৰ কৰিছিল বুলি বিতৰ্কিত মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই৷

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে মন্ত্ৰগৰাকীৰ সমালোচনাত মুখৰ হৈ পৰে ৰাজ্যখনৰ জ্যেষ্ঠ বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁই আৰু কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ৷ বৃহস্পতিবাৰে ড০ হীৰেণ গোহাঁইয়ে সংবাদমাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মা অৱতাৰী পুৰুষ বুলি ইতিকিং কৰে৷ হিমন্ত বিশ্ব শৰ্মাই সকলো কথাই জানে, আমি একো নাজানো বুলি মন্তব্য কৰি ড০ গোহাঁইয়ে মন্ত্ৰীগৰাকীক কটাক্ষ কৰে ড০ গোহাঁইয়ে |

 

Share it on

Leave a Reply