জুক’ ভেলী (Dzükou Valley) !এক অনন্য স্বৰ্গভূমি , ফুল, সেউজীয়া আৰু ডাৱৰৰ উপত্যকা ..

0
291
dzuko-valley

জুক’ ভেলী (Dzükou Valley) : সেউজীয়াৰ প্ৰেমত হয়তো আপুনিও নপৰাকৈ থকা নাই ! দুচকু মুদি আপোনাৰো নিশ্চয় অনুভৱ কৰিব মন যায় স্বৰ্গ ।

Dzukou
দেশ বিদেশ ভ্ৰমণ কৰি বিনোদন লাভ কৰাৰ আগতে আহক উত্তৰ পূৰ্বাঞ্চলৰে  এটি ঠাইৰ সৈতে আপোনাক চিনাকি কৰাই দিও ,য’ত আপুনি বিচাৰি পাব এনে এখন স্বৰ্গ । সেউজীয়াৰ দেশ, ডাৱৰৰ দেশ,এক অনন্য স্বৰ্গভূমি । আৰম্ভ সেউজীয়াৰ পৰা আৰু শেষ হয় সেউজীয়াত । ফুল আৰু মেঘৰ উপত্যকাত উমলি ফুৰে পখিলা । ৰঙা নীলা ফুল আৰু পখিলা !flawer
 সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৮০০০ ফুট ওপৰত থকা এলানি পাহাৰ¸ আৰু তাৰ ওপৰত দুহাত মেলি এয়া আপুনি । চৌপাশে মাথো সেউজীয়া¸ সেউজীয়া আৰু সেউজীয়া । আপোনাৰ চকুৰ আগত ৫০-২০০ ফুট উচ্চতাৰ বহুকেইটা টিলা আছে । সৰু সৰু তৃণৰে ঢাক খোৱা টিলা । এটা টিলা যত শেষ হৈছে¸ তাৰ পৰাই আন এটা ওলাই আহিছে । তাৰ পিছত আকৌ এটা  ।
মাজে মাজে মেঘবোৰে লুকাভাকু খেলে¸ ঢাকি পেলায় ¸ প্ৰকৃতিৰ মায়াসনা এখন খেল । টিলাবোৰৰ চৌপাশে আছে ওখ এলানি পাহাৰ । পাহাৰবোৰ সৰু সৰু তৃণৰে ঢাকখোৱা ।  পাহাৰৰ লুংলুঙীয়া বাটটোৰে এতিয়া আপুনি গৈ আছে । । চকুমুদি এবাৰ অনুভৱ কৰকচোন । জুক’ ভেলী ,ফুল আৰু ডাৱৰৰ উপত্যকা …এক অনন্য স্বৰ্গভূমি জুক‘ ভেলী ।camping dzukou

জুক’ ভেলী (Dzükou Valley) লৈ কেনেকৈ যাব :

জুক‘ ভেলী নাগালেণ্ড-মনিপুৰ সীমান্তত অৱস্থিত । ফুল আৰু ডাৱৰৰ উপত্যকা জুক‘ ভেলীলৈ যোৱাতো অকনো জটিল নহয় ।
  •  জুক‘ ভেলী যাবলৈ প্ৰথমতে ডিমাপুৰ যাব লাগিব (অসমৰ লোকৰ বাবে) । বিভিন্ন ঠাইৰ পৰা ডিমাপুৰলৈ ট্ৰেইন/বাছ চলিয়েই থাকে । গুৱাহাটীৰ পৰা ডিমাপুৰলৈ যোৱাৰ বাবে বাছ আৰু ট্ৰেইন ¸ দুয়োটাৰে সুবিধা আছে ।

 

  •  ডিমাপুৰ পোৱাৰ পিছত জুক‘ যাবলৈ ডিমাপুৰ-ক‘হিমা হৈ যাব লাগে । ক’হিমা যাবৰ বাবে ডিমাপুৰ ট্ৰেইন ষ্টেচনৰ বাহিৰতে টেক্সী আদি গাড়ী পোৱা যায় । ডিমাপুৰৰ পৰা ক’হিমাৰ দূৰত্ব ৭৫ কিঃমিঃ । ৰাস্তাৰ অৱস্থা বেয়া বাবে এই দূৰত্বৰ বাবে ন্যূণতম সময় লাগিব তিনি ঘন্টা |

 

  •   ক’হিমা নাগালেণ্ডৰ ৰাজধানী । জুক’ ভেলী যাত্ৰাৰ বাবে প্ৰয়োজনীয় কিবা সামগ্ৰী কিনিবলগীয়া থাকিলে ইয়াৰ পৰা কিনি ল’ব পাৰে । খাদ্য সামগ্ৰীও ক’হিমাতে ল’ব পাৰিব । যদি আপুনি গাইডৰ প্ৰয়োজন অনুভৱ কৰে ইয়াতেই গাইড পাব¸ একেদৰে ভাড়াত ‘কেম্প’ ও ল’ব পাৰিব ।

 

  • ক’হিমাৰ পৰা জুক‘ ভেলীলৈ যোৱাৰ দুটা ৰাস্তা আছে । এটা জাখামা (Zakhama) হৈ আনটো বিশ্বামা (Visweema) হৈ । ক‘হিমাৰ পৰা বিশ্বামা হৈ যোৱা পথটোৰ মাজতেই জাখামা অৱস্থিত। গুগল মেপ অনুসৰি ক’হিমাৰ পৰা বিশ্বামাৰ দুৰত্ব ২৩ কিঃমিঃ আৰু ক’হিমাৰ পৰা জাখামাৰ দুৰত্ব ১৬ কিঃমিঃ ।

 

  • জাখামা হৈ জুক’ ভেলী বেচ কেম্প (Base camp) দুৰত্ব ৬ কিঃমিঃ । এই পথ অতিশয় থিয় আৰু মাজে মাজে পাহাৰৰ পানী পৰি থাকে বাবে অতিশয় পিছল। যদি ইমান ৰিক্স ল’ব নিবিচাৰে তেন্তে  বিশ্বামা হৈ যাওঁক । ক’হিমাৰ পৰা বিশ্বামা ভিলেজলৈ ভাড়া লৈ ১৮০০ টকা (টেক্সীত মুঠ ৪ জন যাব পাৰি) ।
  • বিশ্বামা ভিলেজৰ পৰা জুক’ ভেলী বেচ কেম্পলৈ ৭+১১ কিঃমিঃ । যোগ (+) চিহ্ন দিয়াৰ অৰ্থ এয়া যে বহুত গাড়ী বিশ্বামা ভিলেজৰ পৰা আগলৈ যাব নিবিচাৰে¸ এনে হ’লে আপুনি মুঠ ৭+১১ কিঃমি খোজ কাঢ়িব লাগিব¸ অতিৰিক্ত ২০০ টকা দি টেক্সীক ৭ কিঃমিঃ আগলৈ অলপ নিব পাৰে ।
  •  যদি আপুনি বিনা কষ্টৰে জুক‘ ভেলী যাব বিচাৰে তাৰ সুবিধাও নোহোৱা নহয় । জুক’ ভেলী বেচ কেম্পৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগত হেলিপেডৰ ব্যৱস্থা আছে । যিকনো ব্যক্তিগত হেলিকপ্টাৰ ভাড়া লৈও আপুনি জুক‘ ভেলীলৈ যাব পাৰে ।

জুক’ ভেলীলৈ গ’লে ল’ব লগা সাৱধানতা :

জুক’ ভেলী অতিশয় দূৰ্গম অঞ্চল । গতিকে সকলো সাৱধানতা অৱলম্বন কৰিহে তালৈ যোৱাতো মংগল ।
  •  জুক’ ভেলী (নাগালেণ্ড) যাবলৈ সৰ্ব প্ৰথমে Inner Line Permit উলিয়াই লওঁক । Online যোগে আবেদনৰ সুবিধা আছে যদিও নাগালেণ্ড চৰকাৰে বৰ্তমানলৈ সেয়া কাৰ্যকৰী কৰা নাই ( হয়তো সোনকালেই কাৰ্যকৰী কৰিব )। অফলাইন যোগে গুৱাহাটীৰ ৰুক্মিনীগাওঁ ( ছয় মাইলৰ সমীপত¸ চচল ৰোড) ত থকা নাগালেণ্ড হাউচত গৈ উলিয়াই ল’ব লাগিব । এটা কথা ভাল যে ILP উলিয়াবলৈ ব্যক্তিজন নিজে নগ’লেও একো নাই¸ আৰু ইয়াৰ বাবে  ন্যূণতম ২৪ ঘন্টাৰ প্ৰয়োজন । অৰ্থাৎ আজি আবেদন কৰিলে তাৰ পিছৰ দিনাহে ILP সংগ্ৰহ কৰিব পাৰিব ।
  •  জুক’ ভেলী যোৱা যাত্ৰাত কমেও ৬-৯ ঘন্টা খোজ কাঢ়িব লাগিব । সেয়েহে যোৱাৰ আগতে অভ্যাস কৰি যোৱাতো ভাল । বহুতেই প্ৰৱল হেঁপাহত জুক’ চাৱ গৈও দেহৰ ভাগৰত আধা গৈ উভতি আহিব লগা হয় একমাত্ৰ অভ্যাস নোহোৱাৰ বাবে ।
  •  যাত্ৰাপথ অতিশয় দূৰ্গম । ৰাস্তাত গা বেয়া লগা¸ মুৰ ঘুৰোৱা বা কটা-চিঙা কিবা হ’লেও সহায়ৰ বাবে একো নাপাব । সেয়েহে নিজৰ বাবে প্ৰয়োজনীয় আটাইবোৰ সামগ্ৰী লৈ যাওঁক।
  •  যিমান পাৰে জোতা¸ বেগ আদি সুবিধাজনক নিব । বিশেষকৈ জোতা আৰু বেগ সুবিধাজনক হোৱাটো প্ৰয়োজনীয় । যিহেতু বেগটো পিঠিতলৈ ইমান সময় খোজ কাঢ়িব লাগিব গতিকে বেগত অধিক বস্তু নি বোজা নকৰিব । যিখনি লাগতিয়াল সেয়াহে লওঁক । আৰু জোতাৰ ক্ষেত্ৰতো ভাল ট্ৰেকিং শ্বু বা স্পোৰ্ট শ্বু পিন্ধক । অন্য ধৰনৰ শ্বু যেনে কেজুৱেল জোতা বোৰে বিপদ মাতিব পাৰে।

উত্তৰ পূৰ্বাঞ্চলৰ এই জুক’ ভেলীলৈ এবাৰ আপুনিও যাওক । নিজকে উপভোগ  কৰক সেউজীয়াৰ মাজত | বিচাৰি পাওঁক জীৱনৰ অনন্য সৌন্দৰ্য্যতা । সকলোৰে মনবোৰ সেউজীয়া হওঁক । শুভ কামনা আপোনালৈ ।

Share it on

Share it on

Leave a Reply