গোগামুখৰ সোৱণশিৰি মহাবিদ্যালয় খেলপথাৰত মহিলা সবলীকৰণ সমাৰোহ

0
55

Guwahati : গোগামুখৰ সোৱণশিৰি মহাবিদ্যালয় খেলপথাৰত মহিলা সবলীকৰণ সমাৰোহ। কনকলতা মহিলা সবলীকৰণ আঁচনিৰ পুঁজি বিতৰণ। প্ৰতিটো মহিলা আত্মসহায়ক গোটলৈ ২৫ হাজাৰকৈ অনুদান। ১,২৬,০০০ মহিলা আত্ম সহায়ক গোটলৈ আৰ্থিক সাহায্য ৰাজ্য চৰকাৰৰ।

ব্ৰহ্মপুত্ৰৰ ওপৰত ৬ খনকৈ দলং নিৰ্মাণ কৰা হ’ব। পূজাৰ পূৰ্বে মুকলি হ’ব বগীবিল দলং। শীঘ্ৰে আৰম্ভ হ’ব দিছাং-টেকেলি ফুটা, মাজুলী-নিমাতীঘাটৰ দলং নিৰ্মাণৰ কাম। গোগামুখৰ মহিলা সবলীকৰণ সমাৰোহত এই মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ।

মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকা, নাওবৈচাৰ বিধায়ক মামুন ইমদাদুল হক, ধেমাজিৰ বিধায়ক ডাঃ ৰনুজ পেগু, জোনাইৰ বিধায়ক ভূৱন পেগুও উপস্থিত থাকে।

Share it on

Leave a Reply