অসম আন্দোলনৰ ৮৫৫জন শ্বহীদৰ আত্মবলিদান অথলে গ’ল নেকি ?

0
221
assamMovement

Guwahati : ভাৰতীয় ইতিহাসত ছাত্ৰ সংগ্ৰাম হিচাপে অসম আন্দোলনৰ গুৰুত্ব উল্লেখনীয়।

১৯৭৯ চনত অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত এই আন্দোলনৰ আৰম্ভণি হয় আৰু চৰকাৰীভাৱে ইয়াৰ অন্ত পৰে ১৫ আগষ্ট, ১৯৮৫ চনত ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰিত অসম চুক্তিৰ জৰিয়তে। ছবছৰীয়া এই আন্দোলনৰ সময়ছোৱাত ৮৫৫জন লোকে  নিজৰ জীৱন বলিদান দিয়ে এখন “অনুপ্ৰৱেশমুক্ত অসমৰ” হকে।

অসমৰ অস্তিত্বৰ ৰক্ষাৰ সংগ্ৰামত নিজৰ প্ৰাণ দিবলৈ কুন্ঠবোধ নকৰা  শ্বহীদসকলক অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে৷ জাতিক জগাই তোলা শ্বহীদসকলক জাতিয়ে সদায় স্মৰণ কৰি থাকিব৷ নিজ জাতি, মাটি, আপোন মানুহৰ বাবে প্ৰাণ বিসৰ্জণ দিয়া শ্বহীদগৰাকীয়ে নিজৰ প্ৰাণ গলে যাব পাৰে কিন্তু  জাতিৰ সৈতে আপোচ কৰা নহ’ব বুলি ঘৰৰ পৰা ওলাই আহি শ্ল’গানেৰে হাজাৰ হাজাৰ লোকৰ সৈতে ৰাজ পথত উত্তাল কৰি তুলিছিল৷

১৯৮০ চনৰ ১০ ডিচেম্বৰত ভৱানীপুৰৰ খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰখম শ্বহীদ হৈছিল ৷

জাতীৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত জপিয়াই পৰা ভৱানীপুৰৰ তেজাল ডেকা খৰ্গেশ্বৰ তালুকদাৰ অসমৰ ঐতিহাসিক বিদেশী বিতাড়ণ আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ |

কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত এই শ্বহীদ সকলৰ আত্মবলিদান অথলে গ’ল নেকি এক বৃহত প্ৰশ্নবোধকৰ সৃষ্টি হৈছে ।নাগৰিকত্ব সংশোধনী বিধেয়ক খন গৃহীত হলে  অসম আন্দোলন , শ্বহীদ সকল আৰু অসম চুক্তি একোৰে সন্মান নৰ’ব ।জাতি ধ্বংসী বিধেয়ক খনৰ ক্ষেত্ৰত লুইতপৰীয়া ডেকাৰ তেজ উথলি উঠক ।

শ্বহীদ প্ৰণামো তোমাক |

 

 

 

Share it on

Leave a Reply