শ্বিলংত এতিয়া সান্ধ্য আইন : আহত কেইবাগৰাকী আৰক্ষী-সাংবাদিক |

0
244
shillong violance

Guwahati :  শান্তি বিচাৰি বিশ্বৰ পৰ্যটকে ঢাপলি মেলা শ্বিলংত এতিয়া অশান্তিয়ে বিৰাজ কৰিছে ৷

মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ চেষ্টা অব্যহত ৰাখিছে প্ৰশাসনে ৷ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বাৰে বাৰে ঘোষণা কৰিছে এয়া কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নহয় ৷ কিন্তু নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজধানী মহানগৰ খনত শান্তি বৰ্তাই ৰাখিবলৈ নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে৷ এয়া বহিৰাগতৰ ওপৰত আক্ৰমণ বুলিও কব খোজে একাংশ লোকে ৷

শনিবাৰে হিংসাত্মক ঘটনাত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হয়৷ কৰ্তব্যৰত এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে আৰক্ষী অধীক্ষক ষ্টীফেন ৰিনজাক বিক্ষোভকাৰীয়ে এডাল লোহাৰ ৰডেৰে আক্ৰমণ কৰে৷ আঘাত প্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক শ্বিলং অসামাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

আহত হয় কেইবাগৰাকী আৰক্ষী-সাংবাদিক |

দেওবাৰে সান্ধ্য আইন জাৰি কৰা হয় চহৰ খনত৷ পুনৰ অশান্তিয়ে বিৰাজ কৰাত পুনৰ সান্ধ্য আইন জাৰি কৰা হয়৷ বিশাল আৰক্ষী, সামৰিক বাহিনী, অৰ্ধাসামৰিক বাহিনীয়ে অপ্ৰাণ চেষ্টা কৰিও হিংসা ৰোধ কৰিব পৰা নাই৷ চহৰ খনত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে৷

উল্লখ্য যে, ৰাজধানী শ্বিলংত এগৰাকী পঞ্জাৱী মহিলা আৰু বাছ কণ্ডাকটৰৰ মাজত সংঘটিত হয় বাক বিতণ্ডা৷ তাৰ পিছতে দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ কিছু সময় পিছতে ঘটনাৰ কথা ছচিয়েল মিডিয়াত ব্যাপক হাৰত প্ৰচাৰ হ’ব ধৰে৷  যদিও বাৰে বাৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাই এয়া সাম্প্ৰদায়িক সংঘৰ্ষ নহয় বুলি কব খুজিছে |

একাংশ লোকে ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ পথলৈ ওলাই আহে আৰু পঞ্জাৱী লেনত বসবাস কৰি অহা লোকক তাৰ পৰা আতৰোৱাৰ দাবী জনায়৷ তাত বাস কৰা লোকসকলক অবৈধ বুলি দাবী কৰি তাণ্ডৱ চলাই প্ৰথমে দোকানত আক্ৰমণ কৰে৷ তাৰ লগে লগে নিৰাপত্তাৰক্ষী সক্ৰিয় হৈ পৰে৷

পাঞ্জাৱী লেনৰ বসবাস কৰা লোক আৰু স্থানীয় জনগোষ্ঠীৰ বাছ কৰ্মচাৰীৰ মাজত লগা সাধাৰণ ঘটনাক মুহূৰ্ততে অন্য ধৰণে প্ৰচাৰ কৰা হয়৷ ইয়াৰ লগে লগে বছৰ বছৰ ধৰি শ্বিলংত কেইবাটাও জাতি-জনগোষ্ঠীৰ লোক একেলগে বসবাস কৰি আছে যদিও ঘটনাক পিছত ৰাজনীতিও আৰম্ভ হয়৷ নতুন দিল্লীৰ পৰা পঞ্জাৱৰ আঞ্চলিক দল শিৰোমণি অকালি দলৰ এটি প্ৰতিনিধি দল মেঘালয়লৈ আহে৷ দল টোৱে বিভিন্ন  লোকক সাক্ষাৎ কৰি শান্তি বিচাৰি সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়৷

এই ঘটনা এটা বিশেষ এলেকাত সংঘটিত হোৱা বুলি কৈ মুখ্যমন্ত্ৰীয়ে কনৰাডে এয়া এটা এলেকাৰ বিশেষ সমস্যা বুলি কৈ এয়া সম্প্ৰদায়ীক হিংসা নহয় বুলি কয়৷ ৰাজ্যৰ বাহিৰৰ মিডিয়াই ইয়াক সাম্প্ৰদায়ীক হিংসাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰে৷

 

Share it on

Leave a Reply