অসমীয়া লোক সংস্কৃতিৰ অনবদ্য সম্পদ

0
265

তামোল-পাণ :tamul

তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা প্ৰধান অংগ[1]। ইয়াৰ ব্যৱহাৰ অসমৰ ঘাইকৈ গাঁৱৰ বাসিন্দাসকলৰ বাবে এক অপৰিহাৰ্য আৰু এক সন্মানীয় বস্তু।  গুৰু-গোঁসাই, ভকত বৈষ্ণৱ, সন্মানীয় সকলক, বন্ধু-বান্ধৱ, মিতিৰ-কুটুমক প্ৰথমেই তামোল-পাণ আগবঢ়াই সন্মান কৰে। সকাম আদিতো তামোল-পাণ দি ঈশ্বৰক প্ৰাৰ্থনা জনায়। অসমৰ কিছুমান ঠাই বিশেষে ইয়াক ইয়াক গুৱা-পাণ বুলিও কোৱা হয়।

শৰাই :sarai

অসমীয়া লোক সংস্কৃতিৰ এক অনৱদ্য সম্পদ[1]। ই একেধাৰে সন্মানৰ প্ৰতীক, থাপনাৰ আসন  আৰু উপহাৰ তথা গৃহ-সজ্জাৰ কলাত্মক সামগ্ৰী। পিতল আৰু কাঁহ উভয়েৰে শৰাই নিৰ্মান কৰিলেও পিতলৰ শৰাইৰ প্ৰচলন অধিক। ৰূপ নতুবা তামেৰে সজা শৰাইৰো প্ৰচলন দেখা যায়। ঢাকনি থকা আৰু নথকা দুই ধৰণৰ শৰাই পোৱা যায়। অসমত শৰাইৰ প্ৰচলন কেতিয়াৰ পৰা হ’ল, সেই সম্পৰ্কে তথ্যৰ অভাৱ। অসমীয়া সমাজত বৰ্ত্তমান সময়ত সামাজিক কৰ্মাদি যেনে পূজা-পাৰ্ৱন, সকাম, উৎসৱ আদিত নৈৱেদ্য বা প্ৰসাদ আদি সজাবৰ বাবে শৰাইৰ ব্যৱহাৰ বহুলভাৱে কৰা হয়। বাঁহ, বেত তথা কাঠেৰে সজা শৰাই উপহাৰ তথা গৃহ সজ্জাৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। আহোম ৰাজত্ব কালত ৰজা, ডা-ডাঙৰীয়া আৰু গুৰুজনাক অসমীয়া লোকে শৰাই আগবঢ়াই সন্মান যাচিছিল। ব’হাগ বিহুৰ সময়ত হুঁচৰি গাবলৈ অহা ৰাইজক ফুলাম গামোচা এখনেৰে তামোল-পান সহ টকা এটি শৰাইত আগবঢ়োৱাটো পূণ্যৰ কাম হিচাপে গণ্য কৰা হয়।

গামোচা :

 

গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ[1]৷ সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূঁতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ৷ কপাহী সূঁতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূঁতাৰেও ইয়াক তৈয়াৰ কৰা হয়৷ ৷

জাপি :

জাপি, অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ। অসমৰ লোককলাৰ এক সুন্দৰ নিদৰ্শন জাপি, অসমীয়াৰ বাবে যেন এক গৌৰৱৰ প্ৰতীক। বিহু উৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্য্যসূচীত জাপিৰ ব্যৱহাৰ আজিও প্ৰচলিত।

বহু পুৰণি কালৰে পৰা অসমত জাপি ব্যৱহৃত হৈ আহিছে। মুলতঃ আগৰ দিনত ৰ’দ বৰষুণ আদিৰ পৰা ৰক্ষা পৰিবলৈকে জাপি ব্যৱহৃত হৈছিল।জাপি কেইবাপ্ৰকাৰৰো আছে, তাৰে ভিতৰত কিছুমান হ’ল বৰ জাপিগৰখীয়া জাপিপানী জাপিবনুৱা জাপিহালোৱা জাপিসৰুদৈয়া জাপি ইত্যাদি। ইয়াৰে কিছুমান উকা আৰু কিছুমান ফুলাম।

উকা বৰজাপিবোৰ সাধাৰণতে ৰ’দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কৃষক বনুৱা সকলে ব্যৱহাৰ কৰিছিল। আনহাতে ফুলাম জাপিবোৰ ব্যৱহাৰ কৰিছিল সম্ভ্ৰান্ত ঘৰৰ মানুহে। পুৰণি বিহু গীতত জাপি শব্দটোৰ প্ৰয়োগ ঘটিছিল বহুলভাবে।অৱশ্যে এতিয়াও গাওঁ অঞ্চলত কৃষক সকলৰ মাজত বৰজাপিৰ প্ৰচলন দেখা যায়। পুৰনি কালত বিহু নৃত্যত জাপিৰ প্ৰচলন নাছিল, ই আছিল মাত্ৰ ৰ’দ বৰষুণৰ পৰা আত্মৰক্ষাৰ এক উপায়। আজিকালি প্ৰায়ে বিহুত সৰু সৰু জাপি লৈ নাচনীয়ে বিহু নৃত্য কৰা দেখা যায়। এইবিধেই হ’ল সৰুদৈয়া জাপি।বিহুত জাপিৰ প্ৰচলন নতুন। আজিকালি হয়তো কৰ্মক্ষেত্ৰত জাপিৰ প্ৰচলন প্ৰায়েই নাই। কিন্তু প্ৰত্যেক ঘৰ অসমীয়াৰ বাসগৃহত এটাকৈ হলেও জাপি ওলমি থকা দেখা যায়, এক গৌৰৱৰ প্ৰতীক ৰূপে।

Share it on

Leave a Reply