‘অৰণ্য মানৱ’ যাদৱ পায়েঙৰ সেউজীয়া জীৱন গাথা !Soul Of the forest.

0
146
jadav payeng

Guwahati : আজি বিশ্ব পৰিৱেশ দিৱস
অসম সন্তান ‘অৰণ্য মানৱ’ যাদৱ পায়েঙৰ প্ৰতি সন্মান জনাই তেওঁৰ সেউজীয়া জীৱন গাথাৰ কিছু আভাষ :

১৯৮০ চনৰ পৰা বৰ্তমানলৈ অৰণ্য নিৰ্মাণৰ কামত সক্ৰিয় হৈ থকা যাদৱ পায়েং এগৰাকী পৰিৱেশ কৰ্মী ।জন্ম ১৯৬৩ চনত যোৰহাটত |

পায়েঙে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ অৰুণা চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল । এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা এই অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে ‘মোলাই কাঠনি’ নামেৰে নামকৰণ কৰা হৈছে ।

অৰুণা চাপৰিটো ব্ৰহ্মপুত্ৰৰ এই বৃহৎ চৰটোৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৫ কিলোমিটাৰ ৷ ১৯৮০ চনত তেখেতে অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে ।


এতিয়া ‘মোলাই কাঠনিবাৰী’ নামৰে জনা যোৱা হাবিখনত ঢেঁকীয়াপতীয়া বাঘ, এশিঙীয়া গঁড়, এশৰো অধিক হৰিণা, শহাপহু, বান্দৰ আৰু অনেক প্ৰজাতিৰ চৰাই আছে । তাত থকা কেইবাহাজাৰো গছৰ ভিতৰত শিমলু, বাঁহ, শিশু, ডিমৰু, ভেলকৰ, অৰ্জুন, এজাৰ, বগৰী, গমাৰি, সোণাৰু, কৃষ্ণচূড়া, চেগুন আদি প্ৰধান । ৫৫০ হেক্টৰজুৰি কেৱল বাঁহ গছেই আছে ।

১০০টা হাতীৰ এটা জাক প্ৰতিবছৰে হাবিখনলৈ আহে আৰু প্ৰায়
ছমাহমান সময় থাকে । যোৱা কেইটামান বছৰত হাবিখনত জাকটোৰ ১০টা পোৱালিও জন্ম হৈছে । ২০০৮ চনত হাতীৰ এটা জাকে হাবিখনৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৰ অৰুণাচাপৰি গাঁৱত সম্পত্তিৰ হানি কৰিছিল আৰু সেই হাতীজাকৰ সন্ধান কৰোঁতেহে বন বিভাগে যাদৱ পায়েঙৰ হাবিখনৰ কথা জানিবলৈ পায় ।

কেইবছৰমান আগতে চোৰাং চিকাৰীয়ে হাবিখনত থকা গঁড় হত্যা কৰিবলৈ চেষ্টা চলায় যদিও মোলায়ে বন বিষয়াক এই কথা জনায় । বন বিষয়া আহি চোৰাং চিকাৰীয়ে পাতি থোৱা বিভিন্ন সামগ্ৰী জব্দ কৰে ।

যাদৱ পায়েঙে হাবিখনৰ চোৱা-চিতা আৰু ভালকৈ কৰিবলৈ আৰু অসমৰ আন ঠাইত এনে কাম আৰম্ভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে । ব্ৰহ্মপুত্ৰ নদীৰ আন এটা চাপৰিতো গছ ৰোৱা তেওঁৰ আন এটা লক্ষ্য ।

• পায়েঙলৈ সামাজিক স্বীকৃতি —jadav

২০১২ চনৰ ২২ এপ্ৰিলৰ দিনা ধৰিত্ৰী দিৱসৰ (Earth Day) লগত সংগতি ৰাখি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগে যাদৱ পায়েঙক সন্মান জনাবলৈ এখন জনসভাৰ আয়োজন কৰে ।  এই অনুষ্ঠানতে উপাচাৰ্য সোপোৰিয়ে তেখেতক ‘‘ভাৰতৰ অৰণ্য মানৱ’’ (Forest man of India) আখ্যা দিয়ে । চলিত বর্ষৰ সাত এপ্ৰিলত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি প্ৰণৱ মুখার্জীয়ে পৰিৱেশবিদ তথা ‘অৰণ্য মানৱ’ যাদৱ পায়েঙক পদ্মশ্ৰী সন্মান প্ৰদান কৰে ।


 এই জন মহান ব্যক্তি সকলোৰে আদৰ্শ হোৱা উচিত ।

Share it on

Leave a Reply