আজিৰ সমাজ-পৰিৱেশক লৈ আমি  কিমান সচেতন ?

0
210

World Environmental day :পৃথিৱীৰ আটাইতকৈ নিৰীহ জীৱই হৈছে গছ। যিয়ে প্ৰকৃতিৰ বহু উপকাৰ সাধে, কিন্তু বিনিময় একো নিবিচাৰে।

বিশ্ব পৰিৱেশ দিৱস ৫ জুন তাৰিখে প্রতি বছৰে গোটেই বিশ্বত পালন কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে।

এই দিৱস পোন প্রথমে পালন কৰা হৈছিল ১৯৭৩ চনৰ ৫ জুন তাৰিখে আরু ইয়াৰ পিছত গোটেই বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

পৰিৱেশ ভাৰসাম্য নোহোৱাৰ বাবে বিশ্বত প্রতি বছৰে ১৫ নিযুত লোকৰ খাদ্যৰ অভাৱত মৰে। বিশ্বৰ ১০৮ কোটি মানুহৰ বায়ু প্রদূষণৰ ফলত মৃত্যু ঘটে। বিশ্বৰ ১.২ বিলিয়ন মানুহে পৰিষ্কাৰ পানী খাবলৈ নেপাই আৰু মৃত্যুবৰণ কৰে।

কিন্ত  আজিৰ সমাজ-পৰিৱেশক লৈ আমি  কিমান সচেতন ? গোটেই বিশ্বৰে অকল ৫ জুন তাৰিখেহে মনত পৰে নেকি পৰিৱেশৰ প্রতি প্রেম। বিশ্ব পৰিৱেশ দিৱস হিচাপে প্রতি বছৰে বিশ্ব আন্ত-জাতিক ৰাষ্ট্রীয় সংগঠনে এটা বিষয় প্রসঙ্গ ৰাখে আৰু এই বিষয় প্রসঙ্গ ওপৰত ভিত্তি কৰি আমি বিভিন্ন ধৰনৰ অনুষ্ঠান পতা হয়।

আজিৰ যান্ত্রিক যুগত পইচাৰ পিছত দৌৰি থাকোতে জানো পৰিবেশ বিষয়ক চিন্তা-চর্চা কৰিবলৈ সময় আছে |পৰিবেশ বচাই ৰখাটো আমাৰ সকলোৰ দায়িত্ব।  মাথো লাগে অলপ চেষ্টা আরু সচেতনতা।

নিতৌ বজাৰ কৰিব যাত্ততে পৰাপক্ষত মোনা লৈ যাওক যাতে প্লাষ্টিক জাতীয় বস্তুৰ ব্যৱহাৰ কমাই দিব পাৰো।

যিহেতু এই প্লাষ্টিক জাতীয় সামগ্রী বোৰ মাটীৰ লগত পচি নেযায়। গতিকে যিমান পাৰি এই প্লাষ্টিক জাতীয় সামগ্রী ব্যৱহাৰ কৰাৰপৰা বিৰত থাকক।

এক সমীক্ষা মতে ২০৫০ চনত গোটেই বিশ্বত খোৱা পানীৰ অভাৱ ঘটিব আরু পানীৰ বাবে হাহাকাৰ অবশ্তাৰ সৃষ্টি হব। প্রায়ভাগ সকলোৰ ঘৰতে পানী  অযথা নষ্ট কৰে। কিন্ত তাকে নকৰি এতিয়াৰপৰা আমি নিয়মিত আরু সীমিতভাবে ব্যৱহাৰ কৰি দূৰ ভৱিষ্যতে আহিবলগীয়া বিপদৰপৰা বচাই ৰাখিব পাৰো।

 

Share it on

Leave a Reply