আশ্চৰ্যকৰ ঘটনা ! সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত বিকল্প চৰকাৰৰ অংকত ব্যস্ত কংগ্ৰেছ |

0
129

Guwahati : এইবাৰ সাপ নেউল একেলগে  |দিছপুৰত বিকল্প চৰকাৰৰ অংকত ব্যস্ত কংগ্ৰেছ।

‘সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে হওক বিকল্প চৰকাৰ।’– প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ‘বিজেপিৰ অসন্তুষ্ট বিধায়কক লৈ ওলাই আহক সোণোৱাল, অসম চুক্তিৰ স্বাৰ্থতে হওক বিকল্প চৰকাৰ, প্ৰাক্তন আছু নেতাসকলেই বহন কৰক নেতৃত্ব।’– এই মন্তব্য শইকীয়াৰ |

‘ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চ ভিত্তিবৰ্ষ মতে বিদেশী বহিষ্কাৰ হ’ব   লাগিব । সংখ্যাগৰিষ্ঠ চৰকাৰ এখনে বিভিন্ন সময়ত সংবিধানৰ নিয়ম অনুসৰী সংশোধনী প্ৰক্ৰিয়া আনে । কিন্তু আমাৰ কথা হ’ল অসমৰ অসমীয়া সমাজখন ধৰ্মৰ নামত অাধাৰিত নহয় । অসমীয়া সমাজখন ভাষা আৰু সংস্কৃতিৰ ওপৰত আধাৰিত । এই বিধেয়কখন অসাংবিধানিক বুলি ক’ব খোজা নাই , কিন্তু ই অসমীয়া জাতিৰ পৰিপন্থী ।’ –  এই মন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই |

‘আছুৰ নেতৃত্বত হোৱা অসম আন্দোলনৰ নেতা সকলেই লওক বিকল্প চৰকাৰৰ নেতৃত্ব ।’- এনে ধৰণৰ বিস্ফোৰক মন্তব্য প্ৰদান কৰি সৰ্বানন্দ সোনোৱালক মিত্ৰতাৰ হাত আগবঢ়াই কংগ্ৰেছ চৰকাৰে ।

 

Share it on

Leave a Reply