ৰকিবুল হুছেইনৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে সন্দেহ প্ৰকাশ অনিল ৰাজাৰ

0
125
anil raja

Guwahati : ৰকিবুল হুছেইনক লৈ বিতৰ্কৰ যেন অন্তই নপৰিব৷ এটাৰ পিছত এটা অভিযোগ উত্থাপিত হৈছে প্ৰাক্তন মন্তৰীগৰাকীৰ বিৰুদ্ধে৷ ৷

অনিল ৰাজাই এটা সময়ত ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত ৰকিবুলৰ বিৰুদ্ধে অবৈধ সা-সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উত্থাপন কৰিছিল৷

প্ৰাক্তন মন্ত্ৰীগৰাকীক অবৈধ সম্পত্তিৰ বিতৰ্কই লগ এৰা নিদিওতেই পুনৰ আন এক অভিযোগ উত্থাপন হৈছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে৷ এইবাৰো অভিযোগ উত্থাপন কৰোতা একালৰ ঘনিষ্ঠ বন্ধু অনিল ৰাজা৷

মঙলবাৰে কংগ্ৰেছৰ নিলম্বিত নেতা অনিল ৰাজাই সংবাদ মেল আয়োজন কৰি ৰকিবুলৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হৈ উঠে৷ তেওঁ ৰকিবুল হুছেইনৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে সন্দেহ প্ৰকাশ কৰি প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী ৰকিবুল হুছেইনে কোনো স্নাতক ডিগ্ৰী গ্ৰহণ কৰা নাই বুলি দাবী কৰে৷

ৰকিবুল হুছেইনে উল্লেখ কৰাৰ দৰে তেওঁ নগাঁও কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা নাই৷ আনহাতে হাইস্কুল শিক্ষান্তত মাত্ৰ ৩৬ শতাংশ নম্বৰ লৈ তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ৰকিবুলৰ স্নাতক উত্তীৰ্ণৰ তথ্য গুৱাহাটী বিশ্ববিদ্যালয়তো নাই বুলি দাবী কৰে অনিল ৰাজাই৷

আনহাতে ৰকিবুল হুছেইনে কেনেদৰে মেডিকেলত চীট পালে তাক লৈও সন্দেহ প্ৰকাশ কৰে অনিল ৰাজাই৷

ৰকিবুল হুছেইনে ধনৰ বিনিময়ত প্যাৰ মহম্মদ হুছেইনৰ পৰা ভুৱা ডিগ্ৰীৰ প্ৰমাণ পত্ৰ হাচিল কৰিছিল বুলি দাবী কৰে অনিল ৰাজাই৷ ৰকিবুল হুছেইনৰ দৰে লোকে অসমৰ শিক্ষা ক্ষেত্ৰখন কলুষিত কৰিছে বুলি মন্তব্য কৰি নিলম্বিত কংগ্ৰেছী নেতাগৰাকীয়ে ৰকিবুল হুছেইনক বিশ্ববিদ্যালয়ৰ প্ৰমাণ পত্ৰ ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায়৷

ৰকিবুল হুছেইনক অনিল ৰাজাই দুৰ্নীতিগ্ৰস্থ আখ্যা দি তেওঁ মন্ত্ৰী হৈ থকা কালত ৰাজ্যৰ কোনোতো বিভাগতেই সংস্কাৰ সাধন হোৱা নাছিল বুলি মন্তব্য কৰে৷

Share it on

Leave a Reply