ৰিপুন বৰাৰ উপস্থিতিত এইবাৰ সমূহীয়া ইফটাৰ !

0
166
eftar

Guwahati : ইছলাম ধৰ্ম আৰু সম্প্ৰীতিৰ অন্যতম ধৰ্মীয় পৰম্পৰা পবিত্ৰ ৰমজান ঈদৰ পূৰ্বে পালন কৰা হয় পবিত্ৰ ৰমজান মাহ৷

বিশ্ব জুৰি এতিয়া ৰমজান মাহৰ উছাহ প্ৰস্ফুতিত হৈ পৰিছে৷ ভাতৃত্ব বোধেৰে সামৰ্থবান সকলে ৰোজা ৰখা  সকলক ইফটাৰীৰ বাবে আমন্ত্ৰণ জনাই পূণ্য অৰ্জন কৰে৷

সমগ্ৰ বিশ্বত ইছলামী কুলৰ লোকসকলে পবিত্ৰ ৰমজান মাহ পালন কৰাৰ সময়তে অসমতো বিভিন্ন দল-সংগঠন আৰু সামৰ্থবান সকলে পবিত্ৰ ৰমজান মাহ উপলক্ষে ইফটাৰী পাৰ্টি আয়োজন কৰা পৰিলক্ষিত হৈছে৷

ৰাজ্য খনত হিন্দু-মুছলিম বুলি একাংশই সাম্প্ৰদায়িক বীজ ৰোপন কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা আৰু ভাতৃত্ব বোধ গঢ়ি তোলাৰ উদ্দেশ্যে  সোমবাৰে সন্ধিয়া  অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত বিশ্বনাথ চাৰি আলিৰ হিমালয় বিবাহ ভৱনত এক ইফটাৰ পাৰ্টিৰ আয়োজন কৰা হয়।

বিশ্বনাথ জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা ইছলাম ধৰ্মালম্বী লোকে এই ইফটাৰ পাৰ্টিত অংশগ্ৰহণ কৰে।

ৰিপুন বৰাই  কয় যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু কংগ্ৰেছ দলও এটা ধৰ্ম নিৰপেক্ষ দল। সেয়েহে কংগ্ৰেছ দলে সকলো ধৰ্মকে সমান চকুৰে চায়। বিশ্বনাথ জিলাৰ কংগ্ৰেছ কৰ্মী আৰু ইছলাম ধৰ্মালম্বী লোকসকলক সম্বোধন কৰি আদৰণি ভাষণ আগবঢ়ায় বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই।

ইফালে পবিত্ৰ ৰমজান মাহ উপলক্ষে উগ্ৰ হিন্দুত্ববাদী সংগঠন হিচাপে খ্যাত আৰএছএছৰ ৰাজ্যিক শাখাইও ইফটাৰ আয়োজন কৰিব বুলি জানিব পৰা গৈছে৷ আৰএছএছৰ এটি মুছলমান ভাতৃসংগঠনৰ সহযোগত ৰাজনৈতিক স্বাৰ্থ আৰু দেশৰ শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত দুই এদিনৰ ভিতৰতে ইফাটাৰী পাৰ্টি আয়োজন কৰি ইছলাম ধৰ্মালম্বীসকলক আমন্ত্ৰিত কৰিব বুলি জানিব পৰা গৈছে৷

Share it on

Leave a Reply