নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পিছতে অসমত সৃষ্টি হ’ব পাৰে ভয়াবহ পৰিস্থিতি

0
76

 Guwahati : অসমীয়া জাতিক অবৈধ বিদেশীৰ কবলৰ পৰা মুক্ত কৰিবলৈ এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰাৰ দাবীত ৰাজ্যৰ দল-সংগঠন বছৰ বছৰ ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ প্ৰায় তিনিটা দশক ৰাজ পথ উত্তাল কৰাৰ অন্তত  কংগ্ৰেছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰিছিল যদিও বিজেপিৰ চৰকাৰৰ দিনত সম্পূৰ্ণ হ’বলৈ ওলাইছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম৷

নতুন দিল্লীৰ পৰা প্ৰকাশিত দেশৰ আগশাৰীৰ আলোচনী ‘আউটলুক’ত প্ৰকাশিত এটি প্ৰৱন্ধত এনআৰচি সন্দৰ্ভত ভয়াবহ তথ্য প্ৰকাশ পাইছে৷ এনআৰচিৰ চূড়ান্ত খছৰা প্ৰকাশৰ পিছতে অসমৰ ভয়াবহ পৰিস্থিত সৃষ্টি হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰাৰ লগতে প্ৰায় ৬০-৭০ লাখ লোকৰ নাম কৰ্তন হ’ব পৰে বুলি ধাৰণা কৰে আউটলুক’ত প্ৰকাশিত এটি প্ৰৱন্ধত৷

ছুইডেনৰ উপছালা বিশ্ববিদ্যালয়ৰ শান্তি আৰু সংঘাত গৱেষণা বিষয়ৰ অধ্যাপক অশোক চৈনে ‘অউটলুক’ আলোচনীত লিখা এটি প্ৰৱন্ধত কিছু কাৰণক লৈ উদ্বিগ্নতা ব্যক্ত কৰিছে৷

এনআৰচিৰ প্ৰস্তুতৰ কাম অন্তিম মুহূৰ্তত উপনীত হোৱাৰ সময়তে অধ্যাপক অশোক চৈনে উল্লেখ কৰা মতে নাগৰিকত্ব চিনাক্তকৰণৰ বিষয়টো অত্যন্ত স্পৰ্শকাতৰ বুলি কৈ পূৰ্বে বিদেশী সমস্যাক লৈয়ে অসমৰ নেলীত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল বুলি কয়৷

নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পাছত ৰাজ্যখনৰ ৬০-৭০ লাখ লোকৰ নাম অন্তৰ্ভুক্ত নহয়, তেনেহলে ৰাজ্যত আইন শৃংখলাৰ লগতে ভয়াবহ ৰাজনৈতিক সমস্যাই দেখা দিব বুলি অনুমান কৰে৷ একমাত্ৰ অসমতে নহয়, এই ভয়াবহ পৰিস্থিতিয়ে চুবুৰীয়া ৰাজ্যকো চুই যাব বুলি আশংকা ব্যক্ত কৰে চৈনে৷

ৰাষ্টীয়  নাগৰিক পঞ্জীৰ উন্নীতকৰণক লৈ শেহতীয়াকৈ অসমত এক চেপা উত্তেজনাৰ বিৰাজ কৰি আছে৷ অহা ৩০ জুনত এনআৰচিৰ পূৰ্ণাংগ খছৰা প্ৰকাশ পাব৷ পূৰ্ণাংগ খছৰাত বহুসংখ্যক লোকৰ নাম অন্তৰ্ভুক্ত নহব বুলি একাংশ লোকে ইতিমধ্যেই প্ৰচাৰ আৰম্ভ কৰিছে৷ যাৰ ফলত ৰাজ্যৰ পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব বুলি খোদ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷

 

Share it on

Leave a Reply