অপেক্ষা কৰক ! ৩০ জুন হ’ব অসমৰ জাতীয় জীৱনৰ বাবে এক ঐতিহাসিক মুহূৰ্ত

0
135
NRC

Guwahati : নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত ৩০ জুনৰ পাছতহে চৰকাৰে মতামত প্ৰকাশ কৰিব। আনহাতে বিজেপিয়েও তেতিয়াহে নিজৰ স্থিতিৰ কথা ক’ব। এই ক্ষেত্ৰত চৰকাৰৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন হ’লেই উত্তৰ আহে— ৩০ জুনলৈ অপেক্ষা কৰক।

প্ৰথমে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰে ৩০ জুনৰ পাছত মতামত ৰাজহুৱা কৰিব বুলি কৈছিল। তাৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৩০ জুনলৈ অপেক্ষা কৰিবলৈ কৈছে। জাতিধ্বংসী এই বিধেয়কৰ ক্ষেত্ৰত কিয় ৩০ জুনলৈ অপেক্ষা কৰিব লাগে? সম্প্ৰতি চৰকাৰৰ এই স্থিতিয়ে বিভিন্ন মহলত গভীৰ সন্দেহৰ জন্ম দিছে। কাৰণ ৩০ জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ হৈছে অসম চুক্তিৰ আধাৰত তথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তথা কঠোৰ নিৰীক্ষণত। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অসম চুক্তি মতে ১৯৭১চনৰ ২৫ মাৰ্চৰ পূৰ্বে অসমলৈ প্ৰব্ৰজন কৰা সকলো লোকৰে নাম অন্তৰ্ভুক্ত হ’ব।

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক হৈছে আমাৰ দেশৰ সংবিধানৰ পৰিপন্থী। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচৰা হৈছে এই আইন সংশোধনীৰ জৰিয়তে। যাৰ কুফল ভোগ কৰিব লাগিব অসমে। সেইবাবেই অসমত ইয়াৰ বিৰুদ্ধে আৰম্ভ হৈছে শক্তিশালী গণ আন্দোলনৰ।  হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব বিচাৰিছে বিজেপিয়ে। ইয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ভয়ংকৰ ৰূপ দেখি এতিয়া অন্য কৌশল ৰচনা কৰিছে তেওঁলোকে।

৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হ’লে বহু লোকৰ নাম বাদ পৰিব বুলি নিশ্চিত হৈছে অসম চৰকাৰ তথা বিজেপি। হিন্দু লোকতকৈ মুছলমানৰ নাম অধিক বাদ পৰাৰ আশংকা কৰা হৈছে। তেতিয়াই বিজেপিয়ে আৰম্ভ কৰিব মেৰু বিভাজনৰ ৰাজনীতি।  কোনোপধ্যেই যাতে সাম্প্ৰদায়িক, বিভাজনকামী শক্তিয়ে অসমত অঘটন ঘটাব নোৱাৰে তাৰ বাবে সজাগ থাকিব লাগিব জনসাধাৰণ।

অহা ৩০ জুন হ’ব অসমৰ জাতীয় জীৱনৰ বাবে এক ঐতিহাসিক মুহূৰ্ত।

Share it on

Leave a Reply