আপোনাৰ গাড়ীত অতিশীঘ্ৰেই লগাব লাগিব উচ্চ ক্ষমতাসম্পন্ন নম্বৰপ্লেট

0
209
numberplate

Guwahati : আপোনাৰ যদি গাড়ী আছে তেন্তে আপুনি অতিশীঘ্ৰেই লগাব লাগিব উচ্চ ক্ষমতাসম্পন্ন নম্বৰপ্লেট। এই প্লেটে গাড়ীক বিভিন্ন সমস্যাৰপৰা নিৰাপত্তা দিব।

তথ্য অনুসৰি জানিব পৰা গৈছে ৩১ জুলাইৰ পূৰ্বে গাড়ীত এই বিশেষ প্লেট লগোৱাটো অনিবাৰ্য্য। এই নিয়ম উলংঘন কৰাসকলে ভৰিব লাগিব ১০০ ৰপৰা ৫০০ টকালৈকে জৰিমনা অথবা এমাহৰ জেইল।

১৯৮৮ চনৰ ১৭৭ সহ পঠিত ধাৰা অনুসৰি ১৭৯ৰ অধীনত ই এক দণ্ডনীয় অপৰাধৰূপে পৰিগণিত হ’ব।

ক্ৰ’মিয়াম হ’ল’গ্ৰামৰ হাই চিকিউৰিটি ৰেজিষ্ট্ৰেছনযুক্ত এই প্লেটত থাকিব এটা সাত ডিজিটৰ লেজাৰ কোড ইউনিক ৰেজিষ্ট্ৰেছন নম্বৰ। যাৰ সহায়ত গাড়ী বিভিন্ন সমস্যাৰপৰা মুক্ত হ’ব আৰু এই প্লেটক জুইয়ো দহন কৰিব  নোৱাৰিব।

Share it on

Leave a Reply